মঙলদৈত ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন উদ্ যাপনৰ প্ৰস্তুতি

মঙলদৈত ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন উদ্ যাপনৰ প্ৰস্তুতি

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ড° ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতি, দৰঙৰ উদ্যোগত অহা ৮ ছেপ্টেম্বৰত প্ৰয়াত শিল্পীগৰাকীৰ ৯৮ সংখ্যক জন্মদিন পালনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। মঙলদৈৰ বেগানদীৰ পাৰত অৱস্থিত ড° ভূপেন হাজৰিকা উদ্যানত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিব লগীয়া ওপজা দিনটোৰ পুৱা ৫-৩০ বজাত মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতিয়ে প্ৰভাত ফেৰী উদ্বোধন কৰিব। দিনৰ ১০ বজাত স্মৃতিৰক্ষা সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে পতাকা উত্তোলন কৰাৰ পাছত ১০-৩০ বজাত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই বন্তি প্ৰজ্জ্বলন, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু বিশিষ্ট সমাজকৰ্মী কুলেন হাজৰিকাই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰিব। পদ্মশ্ৰী বঁটা প্ৰাপক দ্ৰোণ ভূঞা আৰু অসম গৌৰৱ বঁটা প্ৰাপক অনুপম ডেকাই শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিব। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ ওপজা দিন উপলক্ষে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি ২ বজাত হ’বলগা সম্বৰ্ধনা সভা উদ্বোধন কৰিব ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱে। সভাত সাংসদ দিলীপ শইকীয়া মুখ্য অতিথি, কমল কটকী সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে আন কেবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকিব। এই সভাত দৰং জিলা মহিলা সমিতিৰ মুখ্য উপদেষ্টা পাৰুল দেৱী আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী তৰুণ আজাদ ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতি, দৰঙৰ সম্পাদকদ্বয় বিষ্ণুৰাম ডেকা আৰু আব্দুল ৰ’ফ আহমেদে জনাইছে।