ভেৰগাঁও জিলা UPPLৰ উদ্যোগত দ্বিতীয় সংখ্যক বিটিআৰ চুক্তি দিৱস উদযাপন
অমৰজিৎ ৰাভা, ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২০২০ চনৰ ২৭ জানুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়োভূমীৰ সহস্ত্ৰ সংগ্ৰামী দল NDFBৰ চাৰিটা গোটৰ সৈতে বড়ো জনগোষ্ঠীৰ সকলোবোৰ সমস্যা আৰু দাবী সমূহ পূৰ্ণ কৰি বিটিচিৰ সৰ্বাঙ্গীণ উন্নতিৰ স্বাৰ্থত তৃতীয়খন বড়ো ঐতিহাসিক শান্তি চুক্তি সাক্ষৰ কৰি বড়োভূমীত শান্তি আৰু শৃংখলা স্থাপন কৰা হৈছিল। সেয়েহে বিটিআৰ চুক্তি খনক সন্মান জনাই ২৭ জানুৱাৰী দিনাখন বিটিআৰ চুক্তি দিৱস হিচাপে বড়োভূমিত উদযাপন কৰা হয়। সেয়েহে আজি বিভিন্ন প্ৰান্তৰ লগতে ভেৰগাঁও জিলা uppl দলৰ উদ্যোগতো ভেৰগাঁও মহকুমা পুথিভৰাঁলত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে ২ সংখ্যক বিটিআৰ চুক্তি দিৱস। ভেৰগাঁও জিলা uppl ৰ স্থায়ী সভাপতি নন্দ ৰাম বড়োয়ে সঞ্চালনা কৰা মুকলি সভাত উপস্থিত থাকে ক্ৰমে, বিটিআৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োৰ লগতে ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জুশ্ৰাং বড়ো, ভেৰগাঁও জিলা ইউপিপিএলৰ উপসভাপতি মোনমহন বড়ো, ভেৰগাঁও জিলা uppl মহিলা শাখাৰ সভানেত্ৰী লবিতা কছাৰী লগতে ভেৰগাঁও জিলা uppl যুৱ শাখাৰ সভাপতি দেৰহাছা বড়োৰ লগতে কেইবাগৰাকী নেতা পালি নেতা উপস্থিত থকা অনুষ্ঠানত বিটিআৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োয়ে, বিটিআৰ চুক্তিৰ ২য় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি চুক্তিখনত উল্লেখিত দফাৰ এতিমধ্য কেইবাতাও দফা ৰূপায়ণ বাবে পূৰ্ণগতিক কাম কৰি থকা হৈছে। সেয়েহে বাকি থকা দফা সমূহ ৰুপায়ণৰ বাবে আমি চৰকাৰী পক্ষৰ পৰা এশ শতাংশই প্ৰয়াশ ৰাখিছো, কিন্তু মহামাৰী ক’ভিডজনিত কাৰণত আমি অকণমান সময় ল’ব লগা হৈছে।সেয়েহে বড়ো ভূমীৰ ৰাইজক ধৈৰ্য সহকাৰে আৰু কিছুদিন অপেক্ষা কৰিবলৈ আহ্বান জনাই।