ভেৰগাঁও বিপিএফ কাৰ্যালয়ত জিলা বিপিএফ দলৰ শপত গ্ৰহণ কাৰ্যসূচী

ভেৰগাঁও বিপিএফ কাৰ্যালয়ত জিলা বিপিএফ দলৰ শপত গ্ৰহণ কাৰ্যসূচী

অমৰজিৎ ৰাভা,ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলা ভেৰগাঁও মহকুমা অন্তৰ্গত ভেৰগাঁও জিলা Bpf ৰাজনৈতিক দলৰ নৱ গঠিত সমিতিখন আজি ভেৰগাঁও বিপিএফ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে শপত গ্ৰহণ কাৰ্যসূচীৰে দায়িত্ব ভাৰ অৰ্পণ কৰে। কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োয়ে সঞ্চালনা কৰা শপত গ্ৰহণ কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে মাজবাত বিধানসভা সমষ্টিৰ বিধায়ক চৰন বড়ো, বিটিচি প্ৰাক্তন কাৰ্যবাহী লৌমশ্ৰাও দৈমাৰী, নেৰ্শন বড়ো, জগদিশ চৰকাৰ, লগতে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দূৰ্গা দাস বড়ো ক্ৰমে কেইবা গৰাকী নেতা পালি নেতাৰ উপস্থিতিত মুখ্য অতিথীৰ আশন অলংকৃত কৰি বিপিএফ প্ৰধান তথা প্ৰাক্তন বিটিচি মুখ্য কাৰ্যবাহী গৰাকীয়ে ৰাজ্য সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে বুলি মন্তব্য কৰে আৰু লগতে কয় যে একাংশ চেনেলে নিজৰ টিআৰপি বঢ়াবৰৰ বাবে চলাইছে এনেদৰে প্ৰচাৰ। আৰু বিপিএফে কাৰোৰ লগত মিত্ৰতা কৰা নাই সেয়া চৰকাৰী আঁ‌চনী সমূহ চৰকাৰৰ লগত মেলি আদায় কৰিবৰ বাবেহে কেৱল বিধানসভাৰ বিধায়নিৰ মাজত হোৱা বুজা বুজি হে ৰাজনৈতিক ভাৱে নহয়। আমি কাৰ লগত মিত্ৰতা স্থাপন কৰিম সেয়া অহা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত হে সিধান্ত কৰিম। ইয়াৰোপৰি বিপিএফ প্ৰধান গৰাকীয়ে বিটিআৰ চুক্তিক তীব্ৰ সমালোচনা কৰি কয় যে বিটিআৰ চুক্তি কৰি কাৰাগাৰত কিয় থাকিব লগা হল NDFB নেতা সকল।এইটো কি শান্তি চুক্তি!! এনেকুৱা শান্তি চুক্তি* জীৱনত প্ৰথম বাৰ দেখিছে। মই নিজেও শান্তি চুক্তিৰ বাবে আজি কাৰাগাৰৰ বাহিৰত আছোঁ কিন্ত এই বিটিআৰ শান্তি চুক্তিৰ পিছতো ৰঞ্জন দৈমাৰী কিয় জেলত থাকিব লগা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে।আচলতে প্ৰমোদ বড়োয়ে নিজৰ পকেটত কমিচন সুমাবৰ বাবেহে এই খন চুক্তি খন সাক্ষৰ কৰিছিল। কাৰাগাৰত থকা এনডিএফবি নেতা কেডাৰ সকলৰ মুক্তি আৰু গোচৰ সমূহৰ ক্ষেত্রত আমি বিপিএফ দলে সদায় সহযোগ কৰি যাম লগতে গাঁও কৰ্তন সন্দৰ্ভত কোনো কাৰণতে বিপিএফে সমৰ্থন নকৰে সদায় বিৰোধীতা কৰি যাব বুলি হাগ্ৰামা মহিলাৰীৰ মন্তব্য।