ভেঞ্চাৰ শিক্ষানুষ্ঠানক প্ৰাদেশিকীকৰণৰ দাবী

ভেঞ্চাৰ শিক্ষানুষ্ঠানক প্ৰাদেশিকীকৰণৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০১৭-১৮ চনৰ পদ প্ৰাদেশিকীকৰণ আইন পূণৰ সংশোধন কৰা ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহক প্ৰাদেশিকীকৰণৰ দাবীত সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক – কৰ্মচাৰী সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত যি আমৰণ অনশনৰ কাৰ্যসূচী পালিত হৈছে এই দাবীক পূৰ্ণ সমৰ্থন জনাই অল ইণ্ডিয়া চেভ এডুকেচন কমিটীৰ,অসম শাখাৰ সম্পাদক তথা মানকাচাৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ মহাপাত্ৰ,এ আই ডি এছ অ’ ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক হেমন্ত পেগু আৰু সদৌ অসম চৰকাৰী স্কুল বচাওঁক কমিটীৰ যুটীয়া সম্পাদক পল্লৱ পেগু কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অল ইণ্ডিয়া চেভ এডুকেচন কমিটীৰ, অসম শাখাৰ সম্পাদক প্ৰদীপ মহাপাত্ৰই অনশনস্থলিত অংশগ্ৰহণ কৰি কয় যে অপ্ৰাদেশীকৃত শিক্ষক সকলৰ প্ৰাদেশিকীকৰণ নকৰা আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহত কৰ্মৰত শিক্ষক -কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ নকৰা কাৰ্যই চৰকাৰৰ শিক্ষা বিৰোধী নীতিৰে প্ৰতিফলন। চৰকাৰে ইচ্ছা কৰিয়েই ৰাইজে তেজক পানী কৰি গঢ়ি তোলা স্কুল সমূহ ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে যাতে ব্যৱসায়িক দৃষ্টিভঙ্গীৰে গঢ়ি তোলা স্কুল সমূহত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মদত যোগাব পাৰে। ইয়াৰ বাবেই দীৰ্ঘ দিন চলি থকা এই স্কুল সমূহত মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ যোগান ধৰা ব্যৱস্থা বন্ধ কৰিছে। চৰকাৰৰ এই পদক্ষেপ অত্যন্ত অন্যায় আৰু অগণতান্ত্ৰিক। সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এই আন্দোলন ন্যায়সঙ্গত আন্দোলন ।গতিকে চৰকাৰক অতি শীঘ্ৰে এই ন্যায়সঙ্গত দাবীসমূহ মানি ল’বলৈ দৃঢ়তাৰে দাবী জনায় ।শেষত দাবী পূৰণ নোহোৱালৈকে আন্দোলনকাৰী সকলক আন্দোলন অব্যাহত ৰখা আৰু এই আন্দোলনক শক্তিশালী কৰি যাতে সফল পৰিণতিৰ ফালে লৈ যাব পাৰে তাৰ বাবে দল মত নিৰ্বিশেষে সকলো শিক্ষা প্ৰেমী ৰাইজক ওলাই আহিবলৈ তেওঁ আহ্বান জনায়।