ভূপেন বৰাক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অসম তৃণমূল কংগ্ৰেছৰ

ভূপেন বৰাক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অসম তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাহুল গান্ধীৰ “ভাৰত জড়ো ন্যায় যাত্ৰা”ত অংশগ্ৰহণ কৰাৰ সময়তেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছ দলে৷সমগ্র ঘটনাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, “বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “ভাৰত জড়ো ন্যায় যাত্ৰা”ৰ বাবে ভীতিগ্ৰস্ত হৈ যিধৰণৰ প্ৰৰোচনা মূলক মন্তব্য আগবঢ়াই আহিছিল তাৰেই ফলস্বৰূপে আজি এই ঘটনা সংঘটিত হ’ল। এনে ধৰণৰ নিন্দনীয় কাৰ্যই বিজেপিৰ অগণতান্ত্ৰিক, ভয়াতুৰ আৰু স্বৈৰাচাৰী চৰিত্ৰক পুনৰ উদঙাই দিলে৷ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন মগজুত থকা ভয়ৰ বহিঃপ্ৰকাশ। ভাৰতৰ দৰে এখন গনতান্ত্ৰিক দেশত ৰাজনৈতিক শোভাযাত্ৰাৰ সময়তেই বিৰোধী দলৰ সভাপতি যদি শাসক পক্ষৰ ভেৰোনীয়া গুণ্ডাবাহিনীৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় তেন্তে দেশৰ নৈতিক শাসন ব্যৱস্থাৰ উপৰতেই বৃহৎ প্ৰশ্নবোধক।এতিয়ালৈকে উক্ত ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কোনোধৰণৰ হস্তক্ষেপ বা মন্তব্য নাই, কিয়? কিয় পুলিচ প্ৰশাসন থাকিও সেই স্থানতেই দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে? এয়া চৰম অনৈতিকতা আৰু অপশাসনৰ উদাহৰণ।অসমৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যি নিৰৱ ভূমিকা সেয়াই প্ৰমাণ কৰিছে যে, এই গোটেই ঘটনাটো ইচ্ছা প্ৰনোদিত। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাইছো। তেওঁৰ দৰে ব্যৰ্থ মুখ্যমন্ত্ৰীৰ অসমত কোনো প্ৰয়োজন নাই। বিজেপিৰ এনে আচৰণৰ বিৰুদ্ধে সমূহ অসমবাসী ৰাইজত একত্ৰিত ভাৱে উলাই আহিবলৈ আহ্বান জনাইছোঁ আৰু লগতে অনতিবিলম্বে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী-প্ৰশাসনক দাবী জনাইছোঁ ৷”