ভুলৰ পৰিণাম
দীপালী শইকীয়া গগৈ,আমগুৰি
নিজৰ ছোৱালীজনীৰ বিয়াৰ উপযুক্ত বয়স হোৱাৰ পাছতো নিৰ্মল বৰুৱাৰ সেইবোৰৰ প্ৰতি ভ্ৰূক্ষেপ নাই৷লিজাই বি এ শ্ৰেণীত নামভৰ্তি কৰা বছৰতে মাকৰ মৃত্যু হোৱাত দেউতাকে পুনৰ বিয়া কৰালে৷মাহীমাকে লিজাক নানান অত্যাচাৰ চলায়৷দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ তাই বাৰীৰ পুখুৰীতে জাঁপ দিলে৷