ভাৰত জোড়ো ন্যায় যাত্ৰা অভিযানত অসম নাগৰিক সমাজৰ সমৰ্থন

ভাৰত জোড়ো ন্যায় যাত্ৰা অভিযানত অসম নাগৰিক সমাজৰ সমৰ্থন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত জোড়ো ন্যায় যাত্ৰা অভিযান সংক্ৰান্তত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত হয়। উক্ত সংবাদ মেলত অসম নাগৰিক সমাজৰ সভাপতি, সাংসদ অজিত কুমাৰ ভূঞা,সম্পাদক পৰেশ মালাকাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু সাংবাদিক সহ প্ৰায় ২০ গৰাকী মান ব্যক্তি উপস্থিত আছিল। সংবাদ মেলত তেওঁলোকে কয় যে বৰ্তমান বিজেপি চৰকাৰৰ শাসন কালত দেশ আজি সংকটৰ গৰাহত। তেওঁলোকৰ এটাই উদ্দেশ্য যে যি কোনো প্ৰকাৰে নহওঁক কিয় নিৰ্বাচনত জয়ী হ’বই লাগিব। তেওঁলোকৰ মতে গণতন্ত্ৰৰ অৰ্থ হ’ল সংখ্যাগৰিষ্ঠতা।সংখ্যালঘুৰ মতামত, ভাৰতৰ সংবিধান, সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠান সমূহৰ স্বতন্ত্ৰতাৰ ওপৰত তেওঁলোকৰ কোনো আস্থা আৰু ভৰসা নাই। সংখ্যাগৰিষ্ঠতাৰে বলিয়ান হৈ তেওঁলোকে নিজৰ মন মৰ্জিৰে সংসদত এখনৰ পাছত এখন আইন পাছ কৰি আছে, যিবোৰ আইন ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট ব্যক্তিৰ মৌলিক স্বাধীনতা আৰু সামাজিক সমতা আৰু ন্যায়ৰ পৰিপন্থী। বিভাজনবাদী ৰাজনীতি , হ্ৰস্বম্যাদী,অৰ্থনৈতিক নীতি আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠান সমূহ নিজৰ বহতিয়া কৰি বিজেপিয়ে দেশত এক নৈৰাজ্যৰ সৃষ্টি কৰিছে। লগতে তেওঁলোকে উল্লেখ কৰে, ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ১৪ তাৰিখে মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ গুৰুত্ব অপৰিসীম। এই যাত্ৰাক অসম নাগৰিক সমাজে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। জানুৱাৰীৰ ১৮ তাৰিখৰ দিনা শিৱসাগৰৰ আমগুৰীয়েদি ৰাহুল গান্ধী অসমত প্ৰৱেশ কৰিব। সেই দিনাখন ভাৰত জোড়োৰ অভিযানকাৰী এটি দলে ৰাহুল গান্ধীক আদৰণি জনাব। আৰু স্থানীয় লোকৰ সমস্যাৱলীৰ বিষয়ে অৱগত কৰিব। দেশত বৰ্তমান পৰিস্থিতিত গণতন্ত্ৰ আৰু ন্যায় সুনিশ্চিত কৰিবলৈ দলে দলে ৰাহুল গান্ধীৰ এই যাত্ৰাত যোগদান কৰিবলৈ ৰাইজৰ প্ৰতি অজিত কুমাৰ ভূঞাই আহ্বান জনায়।