ভাৰতৰ পিভি সিন্ধু, কিদাম্বি শ্ৰীকান্ত ২০২২ কোৰিয়া অপেন ছেমি ফাইনেলত উপনীত

pc myKhel

ভাৰতৰ পিভি সিন্ধু, কিদাম্বি শ্ৰীকান্ত ২০২২ কোৰিয়া অপেন ছেমি ফাইনেলত উপনীত

ৰঙিলী বাৰ্ত্তাসেৱা-  পালমা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ একক আৰু পুৰুষৰ একক প্ৰতিযোগিতাত ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধু আৰু কিদাম্বি শ্ৰীকান্তে ক্ৰমান্বয়ে ২০২২ কোৰিয়া অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। তৃতীয় স্থান প্ৰাপ্ত সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত ৪৪ মিনিটত থাইলেণ্ডৰ সপ্তম স্থান প্ৰাপ্ত বুচানান অংবামৰুংফানক ২১-১০, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে। ইফালে, পঞ্চম স্থান প্ৰাপ্ত কিদাম্বি শ্ৰীকান্তে ৬২ মিনিটত চন ৱানহোক ২১-১২, ১৮-২১, ২১-১২ ব্যৱধানত পৰাস্ত কৰে।