ভাৰতীয় গণতন্ত্ৰ , সংবিধান আৰু দায়বদ্ধতা
ফখৰুদ্দিন আহমেদ
পৃথিবীৰ সৰ্ব বৃহৎ গণতান্ত্ৰিক দেশ হৈছে আমাৰ মাতৃভুমি ভাৰতবৰ্ষ। বেলি ডুব নোযোৱা দেশৰ গৰাকী ইংৰাজ সকলৰ কবলৰ পৰা সূদীৰ্ঘ দুশ বছৰ পিছত ভাৰতবৰ্ষই বিগত ইং ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা স্বাধীন হৈছিল। স্বাধীনতাই ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষলৈ বিভাজন মাতি আনিছিল। উক্ত বছৰৰেই ১৪ আগষ্টৰ দিনাখন বৰ্তমানৰ স্বাধীন বাংলাদেশ আৰু পাকিস্তানে ইংৰাজ সকলৰ পৰা স্বাধীনতা লাভ কৰিছিল। তেতিয়া বাংলাদেশৰ নামাকৰণ হৈছিল পুব পাকিস্তান হিচাপে।
দেশ বিভাজনৰ এই প্ৰক্ৰিয়া ধৰ্মৰ ভিত্তিত হ’লেও তাত সমাবেশ ঘটিছিল ৰাজনৈতিক কুৎচিৎ মানসিকতাৰ। ৰাজনৈতিক মুনাফা লাভৰ উৰ্ধত যিসকল মুছলমান আছিল তেখেত সকলে এই বিভাজনৰ দুৰ্ঘোৰ বিৰোধীতা কৰিছিল। যাৰ ফলত পাকিস্তানপন্থী ইছলাম ধৰ্মীয় পণ্ডিত সকলে ভাৰতবৰ্ষক কোনো কাৰণতে এৰি নাযাবলৈ অংগীকাৰবদ্ধ ইছলাম ধৰ্মীয় পণ্ডিত সকলক ” কাফিৰ” বুলি আখ্যায়িত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। বিশেষকৈ উত্তৰ প্ৰদেশত অবস্থিত দেউবন্দী ইছলাম ধৰ্মীয় পণ্ডিত সকলক এই আখ্যাৰে পাকিস্তানপন্থী সকলে আখ্যায়িত কৰিছিল।
ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন বুলি উল্লেখ কৰিবলৈ গ’লেই জাতি , ধৰ্ম , বৰ্ণ আৰু সম্প্ৰদায় আদি নিৰ্বিশেষে এখন পতাকাৰ তলত সমবেত হৈ এক উদ্দেশ্যত নিজৰ দেশৰ কাৰণে নিজক উৎচৰ্গিত কৰা এটি সফল আন্দোলনৰ গৌৰৱময় ইতিহাসৰ কথাই মনলৈ আহে।
দেশে লাভ কৰা স্বাধীনতা সংগ্ৰামৰ অন্যতম নেতা জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা হৈছিল স্বাধীনতা লাভৰ প্ৰথম বছৰটোৰ ভিতৰতেই ।হত্যাকাৰী আছিল উগ্ৰ হিন্দুত্ববাদী নেতা নাথুৰাম গডছে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা কাৰ্যই সম্প্ৰতি হীৰক জয়ন্তী অতিক্ৰমৰ সোপানত ভৰি দিছে। সমাজ , সংস্কৃতি , ৰাজনীতি , শিক্ষা , আধ্যাত্মিক , ধৰ্মীয় , সাহিত্য , বিজ্ঞান আৰু অৰ্থনীতি আদি প্ৰায়বোৰ ক্ষেত্ৰতেই যদি সাম্প্ৰতিক সময়ত গভীৰ ভাবে কৰা বিচাৰ বিশ্লেষণবোৰ অধ্যয়ণ কৰিলে কেউফালে দেখা যায় কেৱল নেতিবাচক দিশ।
আমি জানিব পৰা মতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা দিনটোত স্বাধীনতা সংগ্ৰামৰ নেতা বাপুজীয়ে অনশন পালন কৰিছিল। কাৰণটো আছিল দেশে স্বাধীনতা লাভ কৰিছিল ঠিকেই কিন্তু অৰ্থনৈতিক স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত পৰিপক্ক এটি ব্যবস্থাপনা তদানিন্তন ভাৰতবৰ্ষত গা কৰি উঠা নাছিল।
স্বাধীনতাৰ পিছৰ বিগত প্ৰায় ৭৬ টা বছৰ ভাৰতবৰ্ষক কংগ্ৰেছ , ভাৰতীয় জনতা দল আৰু ভাৰতীয় জনতা পাৰ্টী আদি ৰাজনৈতিক দলে শাসন কৰি আহিছে। উক্ত বৰ্ষবোৰত ৰাজনৈতিক দলবোৰে শাসনৰ নামত ভাৰতীয় জনগনক কি দিলে ইয়াৰ খতিয়ানৰ বিশ্লেষণ কৰিলে প্ৰথমতেই অনুভব হয় দুটি কথাৰ সত্যতা । তাৰে প্ৰথমটি হৈছে গণতন্ত্ৰত মুৰ্খৰ ৰাজত্ব হয় আৰু দ্বিতীয়টি হৈছে চয়তানৰ শেষ আশ্ৰয় ৰাজনীতি।
গণতন্ত্ৰ মানে ৰাইজেই ৰজা। পিছে ৰাইজৰ ক্ষমতাৰ ক্ষেত্ৰখনি ক’ৰ পৰা ক’লৈ চালে দেখা যায় সংসদীয় ৰাজনীতিত পাছ টা বছৰলৈ বাঘজৰী ৰাজনৈতিক নেতাৰ হাতত গটাই দিবলৈ দিয়া ভোটদানেই ৰাইজৰ শেষ অধিকাৰ হৈ গৈ আছে। এই কথা ৰাজনীতিৰ অনুৰ্বৰ মগজুৰ অধিকাৰী পঞ্চায়ত প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি লোক সভাৰ মজিয়ালৈ নিৰ্বাচন কৰি পঠোৱা সাংসদলৈকে দেখিবলৈ পোৱা যায়। কাৰণ সৰ্ব সাধাৰন ভোটাৰ ৰাইজৰ বাবে নিৰ্বাচনৰ পিছৰ পৰ্যায়ত পঞ্চায়তৰ সদস্য , সভাপতি , আঞ্চলিক সদস্য , বিধায়ক আৰু সাংসদ সকল আকাশৰ ঢুকি নোপোৱা গ্ৰহ নক্ষত্ৰ সদৃশ হিচাপে বিবেচিত হৈ পৰে। ৰাইজৰ জনপ্ৰতিনিধি সকল আৰু সাধাৰন ভোটাৰ ৰাইজৰ মাজৰ মধ্যস্থতাকাৰী সকল একো একোডাল বিয়াগোম অজগৰৰ দৰে। দূৰ্নীতি আৰু দালালিৰাজ এই মধ্যস্থতাকাৰী সকলৰ জীয়াই থকাৰ মন্ত্ৰনা।
স্বাধীন দেশ ভাৰতবৰ্ষৰ এখন সংবিধান থকাৰ পিছতো সাম্প্ৰতিক ভাৰতবৰ্ষত অসাংবিধানিক কাৰ্যকলাপে আবৰি ধৰিছে। ” অনৈক্যৰ মাজত ঐক্য ” হৈছে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্য। বিভিন্ন ধৰ্ম , বিভিন্ন জাতি , বিভিন্ন সম্প্ৰদায় , ভৌগোলিক বৈষম্যতা আদিৰ দৰে সাংস্কৃতিক দিশতো ভাৰতবৰ্ষত অনৈক্যতা আছে।কিন্তু সেই অনৈক্যতায়েই ভাৰতবৰ্ষৰ ঐক্যতাৰ অমোঘ অস্ত্ৰ। কিন্তু সম্প্ৰতি সেয়া যেন সুদূৰ পৰাহত হ’বলৈ গৈ আছে। বিগত কিছু দিন পূৰ্বে ৰায়পুৰ আৰু হৰিদ্বাৰত অনুষ্ঠিত হিন্দু ধৰ্ম সংসদত হিন্দু ধৰ্মৰ তথাকথিত সাধু , সন্ন্যাসী সকলৰ বক্তব্যই সমগ্ৰ ভাৰতবাসীৰ অন্তৰত ধৰ্মীয় ভেদাভেদৰ বীজ সিচি বৈষম্যৰ সৃষ্টি কৰিবলৈ এটি পটভুমি সৃষ্টি কৰি থৈ গ’ল। লগতে পৃথিবীৰ সভ্য সমাজে দেখা পালে ধৰ্মৰ নামত ভাৰতবৰ্ষত সম্প্ৰতি চলি থকা অধাৰ্মিক বাতাবৰণ। এই পৰিবেশে ভাৰতবৰ্ষৰ সভ্য সমাজকো পৃথিবীৰ সমূখত লজ্জানত কৰিছে। ইয়াৰ অন্তৰালত আছে ৰাজনীতিৰ কুটিল চক্ৰান্ত।
ভাৰতবৰ্ষৰ এখনি সংবিধান থকাৰ পিছতো , সাংবিধানিক ভাবে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ বুলি ঘোষিত হোৱাৰ পিছতো কিছুমান ৰাজনৈতিক নেতাই , কিছুমান তথাকথিত হিন্দু সনাতন ধৰ্মী সাধু সন্নাসীয়ে মুকলি মুৰীয়া ভাবে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বুলি ঘোষনা কৰা কাৰ্য কেৱল নিন্দনীয়ই নহয় , দেশৰ ঐক্য সংহতিৰ বাবেও ভয়াবহ বাবে বিপদজনকো হৈ পৰিছে।
এনে এক সন্ধি ক্ষণত ভাৰতীয় হিচাপে সকলোৰে কৰ্তব্য আৰু দায়িত্ব আছে।নিজৰ নিজৰ প্ৰতিভাবোৰ যোগাত্মক কৰ্ম স্পৃহাৰে দেশবাসীৰ প্ৰতি উৎসৰ্গিত কৰাৰ পণ ল’ব লাগিব দেশৰ শিক্ষিত আৰু যুব চামে। তেতিয়াহে ধৰ্মীয় অসহিষ্ণুতাবোৰ মানবীয় সহিষ্ণুতালৈ পৰিৱৰ্তিত হ’ব বুলি আশা কৰিব পাৰি ।লগতে ৰাজনীতিৰ বাবে তথা শাসনৰ কাৰণে নহৈ দেশবাসী প্ৰতি আত্মোৎসৰ্গিত মনোভাবেৰে সৰ্ব ভাৰতীয় তথা আঞ্চলিক দলবোৰে তথা চৰকাৰী প্ৰশাসনে সংবিধান প্ৰদত্ত অধিকাৰ ভাৰতৰ জনতাই উপভোগ কৰিব পাৰিছে নে নাই তাৰ প্ৰতি চোকা নজৰ ৰখিব লাগিব।