ভাৰতীয় পুৰুষ টেবুল টেনিছ দলৰ কমনৱেলথ গেমছ ২০২২ৰ ছেমি ফাইনেলত প্ৰৱেশ

Pc DNA India

ভাৰতীয় পুৰুষ টেবুল টেনিছ দলৰ কমনৱেলথ গেমছ ২০২২ৰ ছেমি ফাইনেলত প্ৰৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাৰ্মিংহামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক ৩-০ গ’লত পৰাস্ত কৰি ভাৰতীয় পুৰুষ টেবুল টেনিছ দলে কমনৱেলথ গেমছ ২০২২ত ছেমি ফাইনেলত প্ৰৱেশ কৰে। শৰৎ কমলৰ নেতৃত্বত পুৰুষৰ দলটোৱে গ্ৰুপ পৰ্যায়ত বাৰ্বাডোছ, ছিংগাপুৰ আৰু উত্তৰ আয়াৰলেণ্ডক ৩-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰথমে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হোৱা হৰমিত দেশাই আৰু সাথিয়ান গনানচেকৰণৰ দ্বৈত যুটিটোৱে বাংলাদেশৰ ৰামহিমিলিয়ান বাৱম আৰু মহুতাছিন আহমেদ ৰিডোক তিনিখন পোনপটীয়া খেলত ১১-৮ ১১-৬ ১১-২ ত পৰাস্ত কৰি ভাৰতক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে। তাৰ পিছত অভিজ্ঞ শৰৎ কমলে পুৰুষৰ ছিংগলছত এম ডি ৰিফাত চিব্বাৰক ১১-৪ ১১-৭ ১১-২ ত পৰাস্ত কৰি ভাৰতৰ অগ্ৰগতি বঢ়াই দিয়ে।