ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান তিনিশতাধিকৰ

ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান তিনিশতাধিকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত কালি যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত এখন যোগদান সভাত তিনি শতাধিক যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰি কৰে যে, যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাৰ সভাপতিত্বত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজত আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে যোগদান কৰে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি তথা আছু নেতা গৌৰৱ বৰ্মন, গুৱাহাটী আছুৰ বিভিন্ন দায়িত্বত থকা ত্ৰিণয়ন বৰুৱা, দেবাংশু দাস, সত্যব্ৰত কলিতা, সংকুমনি দাস, বিশাল দত্ত, শৰীৰ চৰ্চা বিদ তথা মিষ্টাৰ ইউনিভাৰ্ছৰ ব্ৰঞ্জ পদক লাভ কৰা মনোজ মহন্ত, শৰীৰ চৰ্চা বিদ পংকজ কুন্দু ধেমাজি জিলা এন এছ ইউ আইৰ প্ৰাক্তন সাধাৰণ সম্পাদক মৃন্ময় গগৈ, এছ বি দেওৰা মহাবিদ্যালয়ৰ সভাপতি কৃষ্ণ চেত্ৰীকে আদি কৰি প্ৰায় তিনি শতাধিক যুৱ আৰু ছাত্ৰ নেতা যোগদান কৰে৷ নতুনকৈ যোগদান কৰা সকলোকে দললৈ উষ্ম আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। যুৱ মৰ্চাৰ সাধাৰণ সম্পাদকদ্বয় তাপস কলিতা আৰু ত্ৰিদ্বিৱজ্যোতি মৰাণে আঁতধৰা যোগদান অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, এ এছ টি চিৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা ।