ভাৰতত ৮৬১জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ঘণ্টাত নতুনকৈ ৮৬১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৬জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,৬৯১ জনলৈ বৃদ্ধি হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ৯২৯ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতৰ সক্ৰিয় ঘটনা বৰ্তমান ১১,০৫৮টা আছে।