ভাৰতত ৬ হেজাৰ লোক কৰ’নাত নতুনকৈ আক্ৰান্ত

pc UNEP

ভাৰতত ৬ হেজাৰ লোক কৰ’নাত নতুনকৈ আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৬,৯৮৭ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। আৰু নতুনকৈ কৰ’না সংক্ৰমণৰ পৰা ৭,০৯১ জন লোক সুস্থ হৈ উঠিছে। কৰ’না সংক্ৰমণৰ ফলত দেশখনত নতুনকৈ ১৬২ জন লোকৰ মৃত্যু হৈছে।যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মুঠ ৪,৭৯,৬৮২ জন লোক মৃত্যু হৈছে।  ভাৰতত বৰ্তমান ৭৬,৭৬৬ টা সক্ৰিয় ঘটনা আছে। এতিয়ালৈকেে ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৪২২ টা অমিক্ৰন ঘটনা সংঘটিত হৈছে।