ভাৰতত ২,৫০৩জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৫০৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু ২৭জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মুঠ ৫,১৫,৮৭৭ জন লোকৰ মৃত্যু হৈছে।আনহাতে ভাৰতত বৰ্তমান ৩৬,১৬৮ টা সক্ৰিয় ঘটনা আছে।