ভাৰতত ১,১৫০জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,১৫০ জনলোক নতুনকৈকৰ’নাত আক্ৰান্ত হৈছে। ৪ জন লোকৰ যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। এই মৃত্যুৰ লগতে ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,৭৫১ জনলৈ বৃদ্ধি হয়। আনহাতে ভাৰতত ১১,৫৫৮ টা সক্ৰিয় ঘটনা আছে।দেশখনত যোৱা ২৪ ঘণ্টাত ৯৫৮ জনলোক কৰ’নাত সংক্ৰমমর পৰা সুস্থ হৈ উঠিছে বুলি মন্ত্ৰালয়ে জনায়।