ভাৰতত ১০,২৫৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

Pc Times of India

ভাৰতত ১০,২৫৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,২৫৬ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৬৮ জন লোকৰ মৃত্যু হৈছে ।নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ২৯ জন লোক আছিল। আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৭,৫৫৬ জনলৈ বৃদ্ধি হৈছে। । শেহতীয়া তথ্য অনুসৰি ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৯০,৭০৭ জন।