ভাৰতত হ্ৰাস পাইছে দৈনিক কোভিড-১৯ ঘটনা
অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত ২৬,০৪১ টা নতুন কোভিড-১৯ সংক্ৰমনৰ ঘটনা সংঘটিত হৈছে আৰু ২৭৬ জন লোকৰ মৃত্যুৰ প্ৰতিবেদন পোৱা গৈছে। উল্লেখ্যযোগ্য যে ইয়াৰ আগৰ দিনটোত দেশত সংঘটিত হোৱা সংক্ৰমণৰ সংখ্যা আছিল ২৮,৩২৬টা আৰু মৃত্যু হৈছিল ২৬০ জনলোকৰ। ভাৰতৰ সক্ৰিয় ঘটনা ২,৯৯,৬২০ লৈ হ্ৰাস পাইছে। এয়ে হৈছে ১৯১ দিনৰ সৰ্বনিম্ন ঘটনা। উল্লেখ্য যে সমগ্ৰ দেশত সংঘটিত হোৱা মুঠ নতুন ঘটনাৰ ৬১% ঘটনাৰ প্ৰতিবেদন পোৱা গৈছিল কেৰালাত। কেৰালাত দেওবাৰে হোৱা সংক্ৰমণৰ সংখ্যা হৈছে ১৫,৯৫১ আৰু মৃত্যুৰ সংখ্যা হৈছে ১৬৫ টা।