ভাৰতত যোৱা ২৪ ঘণ্টাত ১১হেজাৰ লোক কৰʼনাত সংক্ৰমিত হৈছে

Pc- The Conversation

ভাৰতত যোৱা ২৪ ঘণ্টাত ১১হেজাৰ লোক কৰʼনাত সংক্ৰমিত হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১১,৯০৩ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ ৩১১ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত ১৪,১৫৯ জন লোক কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতত ৩,৪৩,০৮,১৪০ লৈ কৰʼনাত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হৈছে। ৪,৫৯,১৯১ জন এতিয়ালৈ ভাৰতত কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। বৰ্তমান ভাৰতত ১,৫১,২০৯টা সক্ৰিয় ঘটনা আছে।