ভাৰতত নতুনকৈ ২,৭১০ জন লোক কৰ’নাত আক্ৰান্ত  

pc-Institut national de la recherche scientifique

ভাৰতত নতুনকৈ ২,৭১০ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৭১০ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১৪ জন লোকৰ মৃত্যু হৈছে ।  আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,৫৩৯ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ১৫,৮১৪ টা সক্ৰিয় ঘটনা আছে।