ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমমিত হৈছে ৩০ হেজাৰৰো অধিক লোক

pc- coe.int

ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমমিত হৈছে ৩০ হেজাৰৰো অধিক লোক

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ৩০,৫০৭ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। দেশখনত একেৰাহে চতুৰ্থ দিনৰ বাবে দৈনিক ৩০,০০০ৰো কম লোক কৰ’নাত সংক্ৰমিত হৈ আছিল যদিও যোৱা ২৪ ঘণ্টাত ৩০ হেজাৰৰো অধিক লোক সংক্ৰমিত হৈছে। দেশত কৰʼনাৰ ফলত নতুনকৈ ৪৩১জন লোকৰ মৃত্যু হৈছে। ভাৰতত কৰʼনাৰ বৰ্তমান সক্ৰিয় ঘটনা ৩,৪২,৯২৩টা। কৰʼনাৰ ফলত ভাৰতত ৪,৪৩,৯২৮ জনলোকৰ মৃত্যু হৈছে।