ভাৰতত ধৰা পৰিল প্ৰথমটো HMPV সংক্ৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত HMPV সংক্ৰমণ। চীনত বিয়পি থকা হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) সংক্ৰমণ ভাৰতত ধৰা পৰিছে।ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আইচিএমআৰেয়ে জনাইছে যে কর্ণাটকত এইচএমপিভি আক্রান্ত দুজন ৰোগী ধৰা পৰিছে। কৰ্ণাটক চৰকাৰে এই ভাইৰাছক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি কৈছে। এই দুয়োটা ক্ষেত্ৰতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ কোনো ইতিহাস নাই। আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই তথ্য প্ৰদান কৰে। মন্ত্রালয়ে জনোৱা মতে, তিনি মহীয়া কিশোৰীগৰাকীয়ে ‘ব্রংকোপনিউমোনিয়া’ ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগত বেংগালুৰুৰ বেপ্টিষ্ট হাস্পতালত ভর্তি কৰোৱা হয় আৰু তাতেই এইচএমপিভিত আক্রান্ত হোৱা বুলি ধৰা পৰে। ইতিমধ্যে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। যোৱা ৩ জানুৱাৰীত ব্রংক’নিউমোনিয়াত আক্রান্ত আঠ মহীয়া শিশু এটাক বেপ্টিষ্ট হাস্পতালত ভর্তি কৰোৱা হৈছিল আৰু তাৰ পৰীক্ষাত এইচ এম পি ভি পজিটিভ পোৱা গৈছিল। জানিব পৰা মতে, এতিয়া কেঁচুৱাটোৰ স্বাস্থ্যৰ উন্নতি হৈছে।