ভাৰতত কৰʼনাৰ সক্ৰিয়  ঘটনা ১ লাখৰ তললৈ হ্ৰাস পাইছে

Pc CDC

ভাৰতত কৰʼনাৰ সক্ৰিয়  ঘটনা ১ লাখৰ তললৈ হ্ৰাস পাইছে

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত  নতুনকৈ ৮,৯৫৪ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আৰু নতুনকৈ ২৬৭ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৪,৬৯,২৪৭লৈ বৃদ্ধি হৈছে। দেশৰ মুঠ কৰʼনাত সংক্ৰমিত লোকৰ সংখ্যা ৩,৪৫,৯৬,৭৭৬ জন। আনহাতে ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ৯৯,০২৩টা আছে।