ভাৰতত এদিনত কৰʼনাত আক্ৰান্ত হোৱা ৭০শতাংশ কেৰালাৰ  

pc- The Economic Times

ভাৰতত এদিনত কৰʼনাত আক্ৰান্ত হোৱা ৭০শতাংশ কেৰালাৰ  

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত ২৪ ঘণ্টাত ৪২,৭৬৬ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। নতুনকৈ কৰʼনা সংক্ৰমিত হোৱা লোকৰ প্ৰায় ৭০ শতাংশ লোকে কেৰালাৰ। কেৰালা,মহাৰাষ্ট্ৰ,তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ ৮৮.৫৬ শতাংশ লোক নতুনকৈকৰʼনাত সংক্ৰমিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত চিকিৎসাধীন লোকৰ সংখ্যা ৪,১০,০৪৮ জনলৈ বৃদ্ধি পায়। ৩০৮ জন লোকৰ নতুনকৈ কৰʼনাৰ ফলত মৃত্যু ঘটিছে। আৰু কৰʼনা সংক্ৰমণৰ পৰা ৩৮,০৯১ জন লোক সুস্থ হৈ উঠিছে।

 

(RT)