ভাৰতত এদিনতে ১.২৫ কোটি লোকক কৰʼনা প্ৰতিষেধক প্ৰদান

pc- Reuters

ভাৰতত এদিনতে ১.২৫ কোটি লোকক কৰʼনা প্ৰতিষেধক প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত পুনৰ এবাৰ ১ কোটিৰো অধিক লোকক কৰʼনা প্ৰতিষেধক টিকা প্ৰদান কৰা হয়। প্ৰায় ১.২৫ কোটি লোকক কৰʼনা প্ৰতিষেধক প্ৰদান কৰা হয়। স্বাস্থ্যমন্ত্ৰী মনসুখ মণ্ডাবিয়াই কয় যেপূৰ্বৰ অভিলেখ ভংগ কৰি দেশত ১ কোটিৰো অধিক লোকক কৰʼনা প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে। লগতে তেওঁ কয় যে দেশত কৰʼনা প্ৰতিষেধক টিকা প্ৰদানৰ সংখ্যা বাঢ়িয়েই আছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত এতিয়ালৈ ৬৫.২৬ কোটিৰ অধিক লোকক কৰʼনা প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে। ৫০.৩১ কোটি লোকক প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হৈছে। আৰু ১৪.৯৪ কোটি লোকক প্ৰতিষেধকৰ দুয়োটা পালিয়ে প্ৰদান কৰা হৈছে। স্বচ্চতা, স্মাৰ্টচিটী আৰু প্ৰতিষেধক কাৰ্যসূচীত অভিলেখ ৰচা ইন্দোৰত ১০০ শতাংশ প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰিছে। ১০ লাখ জনসংখ্যা বিশিষ্ট জিলাসমূহৰ ভিতৰত ইন্দোৰ শীৰ্ষ স্থানত আছে।

(RT)