ভাৰতত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ

Pc- Gard

ভাৰতত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৪,৩১৩ জন লোক কৰ’নাত নতুনকৈ সংক্ৰমিত হৈছে।  যোৱা ২৪ ঘণ্টাত ভাৰতত নতনকৈ কৰ’না সংক্ৰমণৰ ফলত ৫৪৯জনলোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মুঠ ৪,৫৭,৭৪০ জন লোকৰ মৃত্যু হয়। নতুন ঘটনাৰ সৈতে দেশৰ সামগ্ৰিক কৰ’নাৰ ঘটনা  ৩,৪২,৬০,৪৭০ লৈ বৃদ্ধি হয়। বৰ্তমান ভাৰতত ১,৬১,৫৫৫টা সক্ৰিয় ঘটনা আছে।