ভাসমান চহৰ – নাজবিন চুলতানা

PC - Robb Report

ভাসমান চহৰ

নাজবিন চুলতানা, শিৱসাগৰ

দ্ৰুতগতিৰ আধুনিকতাৰ প্ৰকোপে সমগ্ৰ পৃথিৱীতে নতুনত্বৰ জোৱাৰ সৃষ্টি কৰিছে।তেনে এক নতুনত্বৰ সৃষ্টিৰ প্ৰয়াসেৰে চৌদি আৰৱ সাগৰত “Pengeous terra yacht” নামৰ এখন ভাসমান চহৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। চহৰখন নিৰ্মাণ ২০২৩ৰ পৰা আৰম্ভ হোৱাৰ পৰিকল্পনাৰে আগবাঢ়িছে । ৭০০০লোকৰ নিবাসীৰ ভাসমান চহৰ সৃষ্টিৰে সমগ্ৰ পৃথিৱীবাসীৰ বাবে আশ্চৰ্য আৰু বিশেষকৈ মুম্বাই চহৰক নিম্নতাৰ প্ৰস্থিতি দেখুওৱাবৰ বাবে চৌদি আৰৱে Pengeous terra yacht নামৰ Floating city নিৰ্মাণৰ চৰ্চা কৰিছে । এই চহৰ নিৰ্মাণৰ মূল্য ৮০০০ বিলিয়ন ডলাৰ। কোৱা হৈছে যে চৌদিৰ এয়া প্ৰথম চেষ্টা নহয় ইয়াৰ আগতো চৌদিৰ নতুন আধুনিক চহৰ The future city আৰু ১০০০ মিটাৰ দীঘল পৃথিৱীৰ সকলোতকৈ বৃহৎ Tower ৰ সম্পৰ্কে আজিও বিশ্ববাসীৰ মাজত চৰ্চা হৈ আছে ।কিন্তু বৰ্তমান চৌদি আৰু ইটালীৰ স্থাপত্যৰ কোম্পানীৰ সৈতে একেলগ হৈ পৃথিৱীৰ প্ৰথম আৰু সকলোতকৈ ডাঙৰ Pengeous floating city কেনেকৈ নিৰ্মাণ হ’ব সেই সন্দৰ্ভত কিছু তথ্য পোৱা গৈছে এইদৰে যে- ৮০০০ বিলিয়ন ডলাৰ মূল্যৰ এখন ভাসমান চহৰৰ নিৰ্মাণ কাৰ্যত বৰ্তি আছে চৌদি আৰৱ।পৃথিৱীৰ সকলো বস্তু তথা সুবিধা উপলব্ধৰ পৰিকল্পনাৰে তৈয়াৰ কৰিব এখন চহৰ যিখনৰ ৰূপসজ্জা এজনী সাঁতুৰি থকা কাছৰ আকৃতিৰ দৰে হোৱা দেখা যাব যাৰ নাম হৈছে “Pengeous terra yacht” ।এই ভাসমান চহৰখনৰ নাম ৩০০ বছৰ মিলিয়ন পূৰ্বে Supercontinent pangea ৰ লগত সাদৃশ্য আছে ।এইখন মাত্ৰ এখন চহৰেই নহয় পৃথিৱীৰ সকলোতকৈ বৃহৎ নাও হ’ব। এই চহৰ সিঁচৰতি হৈ ৰ’ব ১১,৮০০ ফুটলৈ ।ইয়াৰ দীঘ ৫৫০ মিটাৰ আৰু প্ৰস্থ ৬১০ মিটাৰ হ’ব।এই চহৰত থাকিব ৭০০০ লোকৰ নিবাস,শ্বপিং ম’ল, পাৰ্ক, ক্লাব,হোটেল, হেলিপেড, সৰু জাহাজৰ বাবে নাও আদিৰ ব্যৱস্থা থাকিব।যাৰ পাখি সদৃশ আকৃতিত(Wings) ত থাকিব ১৯ টা private villa, ৬৭ টা Apartment আদি পৃথককৈ থাকিব।ইয়াৰ ওপৰৰ আচ্ছাদন সম্পূৰ্ণ কাচেৰে (glass) নিৰ্মিত হ’ব।তদুপৰি তাৰ মাজত এটা ডাঙৰ “Swimming pool”,roof top garden,beach buggy আদি থাকিব।ইয়াত 9hd Engine ,Electric motor, 18,600HP power ৰ ব্যৱহৃত হ’ব।এই pengeous terra yacht ৰ ওপৰৰ অংশত অনেক solar penel ৰ ব্যৱস্থা কৰা হ’ব।ইয়াৰ দ্ৰুত উন্নতমানৰ ৰূপসজ্জা এবাৰ দৃষ্টিতে আকৰ্ষণ হৈ ৰ’ব । Pengeous ৰ ভিতৰচ’ৰাত 30.000 apartment থাকিব।য’ৰ পৰা সমুদ্ৰৰ ওপৰ-তল সকলো সৌন্দৰ্য দৃষ্টিগোচৰ কৰিব পাৰিব।এই pengeous ভাসমান চহৰ কিন্তু গতিশীল অৱস্থাত থাকিব অৰ্থাৎ ৰাতি যি ঠাইত পাৰ হ’ব পুৱা সেই ঠাইৰ পৰা আঁতৰি অন্য ঠাইত পাৰ হ’ব ।৮০০০বিলিয়ন ডলাৰৰ মূল্যৰে নিৰ্মিত ৭০০০ লোকৰ অৱস্থিতিৰ terra yacht ৰ সুবিধাৰ তুলনাত ডাঙৰ ডাঙৰ 5 star hotel  বোৰো তল পৰি ৰ’ব।এই ভাসমান চহৰৰ playground কে ধৰি কেইখোজমান আঁতৰত বিচৰা সকলো সা-সুবিধা পোৱা যাব ।বৰ্তমান pengeous ৰ অন্তঃভাগৰ পূৰ্ণৰূপ দিয়া হোৱা নাই যদিও বহিঃভাগৰ সৌন্দৰ্যতাৰ ৰূপত অনুমান কৰিব পাৰি যে কিমান আকৰ্ষণীয় এখন চহৰ গঢ় ল’ব। স্বাভাৱিকতে pengeous বনাওঁতে প্ৰায় ৮-১০ বছৰ কাল প্ৰয়োজন হয়।চৌদিৰ ground prince – মহম্মদ বিন চলমানৰ মতে এই ভাসমান চহৰ ২০৩৩ চন মানত সম্পূৰ্ণ হোৱাৰ আশা আছে।এই কামৰ পূৰ্ণ ৰূপ দিবৰ বাবে চৌদি আৰৱত আৱশ্যকীয় এটা বৃহৎ দে’ম(theme)ৰ প্ৰস্তুত কৰা হ’ব।Jeddah north ত অৱস্থিত Abdullah board ত এই theme বনোৱাৰ কাম আৰম্ভ কৰিছে । ২০২৩ ৰ পৰা আৰম্ভ হোৱাৰ আশাৰে LAZZARINI স্থাপত্যৰ কোম্পানীৰ ৰূপসজ্জাৰে নিৰ্মাণ কৰা ভাসমান চহৰৰ এই আদৰ্শ (idea) দিছিল ২০০৯ চনত আৰু তেতিয়াৰ পৰা ইয়াৰ পৰিকল্পনা আৰম্ভ কৰিছিল ।এই চহৰখন কোনো পেট্ৰলিয়াম পদাৰ্থৰে ব্যৱহৃত নহব ,যি সম্পূৰ্ণ প্ৰকৃতিগত শক্তিৰ প্ৰয়োগেৰে গঢ় ল’ব,যিখন অবিৰামভাৱে শেষ নোহোৱা যাত্ৰাৰে আৰম্ভ কৰিব । এয়া হৈছে চৌদি আৰৱৰ দ্ৰুত আধুনিকতাৰ ব্যৱস্থাৰে পৃথিৱীৰ প্ৰথম আৰু সকলোতকৈ ডাঙৰ ভাসমান চহৰ হিচাপে কৰা প্ৰতিষ্ঠা “Pengeous terra yacht” ।