ভালপোৱা– পৰিণীতা হাজৰিকা ,পুৰণিগুদাম, কাষৰিগাওঁ

pc-dreamstimes

ভালপোৱা
কষ্ট পাব বুলিয়েই মাক দেউতাকে কোনোদিনে ব্ৰত ৰাখিব নিদিয়া ছোৱালীজনিয়েও তেওঁৰ ভালৰ বাবে ব্ৰত ৰাখিছিল,কাৰণ তাই কৰবাত শুনিছিল তেওঁৰ ভালৰ বাবে ব্ৰত ৰাখিব পৰাটো ভাল বাকী বিশেষ একো তাইও নাজানিছিল,,, প্ৰত্যেক বছৰৰ দৰে সেয়ে এইবাৰো তেওঁক লগ ধৰিছিল একেলগে গৈ মন্দিৰত চাকি দিবলৈ,,, কিন্তু এইবাৰ তেওঁৰ যেন তিনিওটা সোমবাৰতে অজুহাত শেষ হোৱা নাছিল কাৰণ তাই টো নাজানিছিল এইবছৰ তেওঁ যে বেলেগ ছোৱালীৰ সস্তীয়া প্ৰেমত আসক্ত আছিল,,, তেওঁৰ বাবে এই সঁচা পবিত্ৰ ভালপোৱাতকৈ হোটেলৰ ৰোমান্টিক কোঠাত ৰাতি উদযাপন কৰিব পৰাটোহে যেন বেছি বিশেষ আছিল,,, সস্তীয়া প্ৰেমৰ একো আও-ভাওঁ বুজি নোপোৱা তাই কান্দি কান্দিয়েই দিনটো পাৰ কৰি দিছিল আনফালে তেওঁ ফুৰ্তি কৰিছিল সস্তীয়া প্ৰেমত,,, পিছত তাই সকলো জানিও নীৰৱে সহ্য কৰিছিল যদিও তেঁওৰ তাইৰ লগত কৰা এই প্ৰতাৰণা ভগৱানে সহ্য কৰা নাছিল,,, এতিয়া তেঁওৰ সস্তীয়া প্ৰেমিকা পুনৰ বেলেগ লৰাৰ লগত ৰাতি উদযাপন কৰি আছে আৰু সেইদিনাই ভগবানৰ ওপৰত থকা তাইৰ অগাধ বিশ্বাসৰ জয় হৈছিল যাৰ কাৰণে পুনৰ তেওঁ তাইৰ জীৱনত ঘূৰি গৈছিল,,, পুনৰ সুখী হৈ ৰৈছিল দুই প্ৰেমিক যুগল,,,!!!
(সৎ পথত থাকিলে মানুহে অন্যায় কৰিব বিচাৰিলেও ভগৱানে সেইখিনি অন্যায় হব নিদিয়ে)

পৰিণীতা হাজৰিকা
পুৰণিগুদাম, কাষৰিগাওঁ