ভান্নিয়াৰ সংস্থাই সুৰিয়াৰ বিৰুদ্ধে অভিযোগ দাখিল 

Pc The new Indian express

ভান্নিয়াৰ সংস্থাই সুৰিয়াৰ বিৰুদ্ধে অভিযোগ দাখিল 

ৰঙিলী বাৰ্ত্তাসেৱা- ভান্নিয়াৰ সংগমে 'জয় ভীম' নিৰ্মাতা সুৰিয়া, যোথিকা, পৰিচালক টি জে জ্ঞানভেল আৰু আমাজন প্ৰাইম ভিডিঅ'ৰ বিৰুদ্ধে ভান্নিয়াৰ সম্প্ৰদায়ৰ সুনাম কলুষিত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে। অভিযোগটোত কোৱা হৈছে যে বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত ছবিখনে প্ৰকৃত নামবোৰ বজাই ৰাখিছিল কিন্তু অভিযোগ অনুসৰি আৰক্ষীৰ জিম্মাত এজন ভুক্তভোগীক অত্যাচাৰ কৰা আৰক্ষী উপ-পৰিদৰ্শকৰ নাম ইচ্ছাকৃতভাৱে সলনি কৰিছিল।