ভাগ্যৰ চাবি – বিজুলতা পায়েং

Pc Wallpaper Flare
ভাগ্যৰ চাবি
বিজুলতা পায়েং,গোগামুখ
জীৱনৰ পংকিলময় পথত
কত যে সংগ্ৰাম
দুখ-যন্ত্ৰণাবোৰো হৈ পৰে
এজাক শীতল বতাহৰ দৰে
সহি সহি যেন হৈ পৰে
  জীৱন লগৰীৰ দৰে |
বিফলতা-সফলতাৰ অপেক্ষা নকৰি
কৰ্ম কৰোঁ মাথোঁ  কৰ্মই ধৰ্ম বুলি
 ভাগ্যৰ চাবিয়ে খোলেনে নোখোলে
কুৰুকি চাবলৈ মন যায় এবাৰলৈ বুলি |
যিদিনা খুলিব ভাগ্যৰ চাবি
কোনেও ৰুধিব নোৱাৰে এই ক্ষণক,
সেইদিনা হ’ব জীৱন সেন্দুৰীয়া
আঘোণমহীয়া সোণোৱালী পথাৰৰ দৰে
হাঁহিব এবাৰলৈ হৃদয়খন প্ৰাণখুলি |