ভগৱান
শতাব্দী শৰ্মা, নগাঁও
কতজনে দুখত মাতে তোমাক,
কতজনে সুখত মাতে তোমাক,
জীৱনৰ ঘাত – প্ৰতিঘাততো আছা তুমি,
নৰ – মনুষ্যৰ ক্ৰিয়া – কলাপ চাই আছা জুমি।
তিৰবিৰ তৰাৰ জিলমিল ,
জিলমিল জোনাকীৰ পোহৰ খিলখিল,
সেইয়াও তোমাৰেই সৃষ্টিৰ কাৰণ ।
তুমিয়েই আমাক কৰা দয়া,
তোমাৰ কিমান যে মায়া।
জীৱন, বিবাহ, মৰণ
তিনিও তোমাৰেই স্ৰজন।
নিৰন্তৰে যুগে যুগে তুমি ,
আছা সমস্ততে ।
সপোন – দিঠকজুৰি কৰোঁ প্ৰণাম ।
তুমি দুখীয়াৰ দুখহাৰী,
অসুৰ নাশকাৰী
আমাৰ সৃষ্টিকৰ্তা ভগৱান।