ভগা পঁজাত সপোন- ৰুমী কলিতা দত্ত

Pc 123RF
 ভগা পঁজাত সপোন
          ৰুমী কলিতা দত্ত
            কেন্দুগুৰি-ডিব্ৰুগড়
এজন মানুহৰ বুকুত মাজত
যদিহে পোৱা নাযায় সেউজীয়া উশাহ
জীয়াই থাকিবলৈ,
যদিহে তেওঁ সৃষ্টিবোৰকে
ভৰিৰে মোহাৰি যায়
তেনে এজন মানুহৰ সংগী হৈ
কোনো লাভ নাই ।
সুন্দৰ মনৰ অধিকাৰী হৈ
যি দিব পাৰে প্ৰেৰণা
যিয়ে দেখুৱাব পাৰে আদৰ্শ
তেনে মানুহৰহে সংগী হ’বা
নহহ’লে উৰেতো জীৱন কান্দিবা !
মৰম,বিশ্বাস,ভালপোৱাৰে
যিজনে জগত জিনিব খোজে
সেইজনক সহায় কৰিবা !
তেহে ফুলিব এপাহি পদুম
দুখীয়াৰ ভগা পঁজাতো নামিব সপোন।