বৰ্তমানৰ ৰিলছ আৰু ইয়াৰ জনপ্ৰিয়তা
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
আজি কালি খুব বেছি জনপ্ৰিয় এটি শব্দ ৰীলছ। সৰুৰ পৰা ডাঙৰলৈ সকলোৱে নিজৰ নিজৰ মনোৰঞ্জনৰ বাবে ৰিলছ চায় বা বনায়।
বেয়া কথা নহয়, নিজৰ সুখ বিচাৰি যোৱাটো। ব্যস্ততাৰ অন্তত নিজৰ মনক সন্তুষ্ট কৰিবলৈ চচিয়েল মিডিয়াত অলপ মান সময় অতিবাহিত কৰাটো কেতিয়াও অপৰাধ নহয়।
কিন্তু আজি কালি এচাম ছোৱালীয়ে , অকল ছোৱালী বুলি ক’লে ভুল হ’ব, বোৱাৰী বোৰৰ উৎপাতৰ সীমা চেৰাই গৈছে। তেওঁলোকে চাগে নিজৰ বিবেকক, সন্মানক নৈৰ সোঁতৰ বোৱাই হে দিছে। সকলো ফালে কেৱল উদ্ভণ্ডালি আৰু উচ্ছৃঙ্খলতা ।
আজিৰ এই যান্ত্ৰিকতাৰ দিনত আমি সকলোৱেই মোবাইল ফোনৰ লগত ব্যস্ত থাকোঁ। কণ কণ ল’ৰা ছোৱালীবোৰৰ ফোনৰ লগত এক এৰাব নোৱাৰা সম্পৰ্ক স্থাপন হৈছে। তেওঁলোকেও এই অৰ্ধ নগ্ন পোছাক পৰিধান কৰি শৰীৰৰ নানান অংগী ভঙ্গী দেখুৱাই কৰা ৰীলছ বিলাক চাই থাকে। ইয়াৰ পৰা সেই নিস্পাপ শিশু সকলৰ কোনো ধৰণৰ লাভ হোৱা নাই বৰঞ্চ তেঁওলোকৰ মনত বেয়া প্ৰভাৱ হে পৰে। অতি কম বয়সতে তেঁওলোকে নাজনিব লগা বহু কথাজনা হৈ পৰে। লগতে নিজেও তেনে কাৰ্য কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।
তাৰ পিছত আহিল সেই চাম ল’ৰা ছোৱালী। যি সকল যেনে তেনে চৈধ্য- পোন্ধৰ বছৰ অতিক্ৰম কৰিছে।
এই সময়ছোৱাত তেঁওলোকৰ মনবোৰ এনেও চঞ্চল হয়। তদুপৰি লকডাউনৰ অনলাইন শিক্ষাৰ আৰম্ভণিৰ পিছৰে পৰাই নৱম দশম শ্ৰেণীৰ প্ৰায়বোৰ ল’ৰা ছোৱালী হাততে স্মাৰ্ট ফোন থাকিবই।
পঢ়াৰ নামত ফোনটো ঠিকেই লয় কিন্তু পঢ়াহে নহয় গৈ। পঢ়াৰ বাদে আন সকলোবোৰ হয়।
প্ৰায়বোৰ ফুল কোমল, নিস্পাপ ছোৱালীয়ে নামি যায় ৰীলছৰ মায়াত। ভিউজ,likes,comments ৰ বাৰিষা বোৱাই আনিবলৈ তেঁওলোকে কিছুমান ৰীলছ ষ্টাৰক অনুসৰণ কৰে।
তেওঁলোকৰ পোছাক, আচাৰ ব্যৱহাৰ, অংগী ভঙ্গী সকলো চাই নিজেও একেখিনি কৰিবলৈ বিচাৰে।
লাভ হয় জানো কিবা,? পঢ়া শুনাৰ ক্ষতি হোৱাৰ লগতে বহু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে।
ল’ৰাবোৰে সেই নিলজ্জ নাৰীবোৰৰ ভিদিও খিনি চাই বিপথে নাযাব বুলি কি বিশ্বাস,,?
আনহাতে কিছুমান এনে প্ৰাপ্ত বয়স্ক, জনা বুজা পুৰুষ আমাৰ সমাজত নথকা নহয়, যি সকলে সেই অৰ্ধ নগ্ন ৰীলছবোৰ চাই নিজৰ প্ৰেমিকাজনীকো সেই ৰূপত চাব বিচাৰে।
তেঁওলোক প্ৰথমে বেয়া নাছিল হয়তো কিন্তু সেই ৰীলছ বোৰৰ পৰা প্ৰভাৱিত হৈ এনে আচৰণ কৰা হৈছে।
মানু্হৰ মনক জানো ধৰি বান্ধি আৱদ্ধ কৰিব পাৰি ?
সেই মহিলা সকল , যিয়ে নিজৰ সন্মান, চৰিত্ৰত দাগ লগাবলৈ দুবাৰ ভাৱি নাচায়, সামান্য কেইটা মান ভিউজৰ নামত, কিয় বাৰু এবাৰো ভাৱি নাচায় , আপোনাৰ মাক দেউতাকে চাগে সমাজৰ দুজন মান মানুহৰ মাজত মূৰ তুলি কথা এটা ক’বলৈও সংকোচবোধ কৰে। যদিহে আপোনাৰ ছোৱালী এনেকুৱা , তেনেকুৱা বুলি উদাহৰণ এটা মুখলৈ মাৰি পঠিয়ায়।
আপোনালোকে নিজৰ জীৱনক লৈ হেতালি খেলিছে খেলক কিন্তু সেই মানু্হবোৰৰ জীৱন কিয় ধ্বংসৰ পথত আগুৱাই দিছে,,,?
যেতিয়া নিজৰ মুখ খনি আইনাত দেখা পায়, বেয়া নালাগে নে?, ঘৃণা নজন্মে নি বাৰু নিজৰ ওপৰত? ব্যক্তিগত শৰীৰটো ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰিবলৈ অলপো বেয়া নালাগে নে? কেনেকৈ পাৰে ইমান তললৈ নামি যাব?
মই এই ৰীলছৰ জগতৰ পৰা অলপ আঁতৰিয়েই থাকোঁ ।কিছুমান নাৰীৰ অসভ্যালি চাই নিজে এক নাৰী হিচাপে বৰ লাজ পাওঁ।
দুদিন মান আগত এটা ৰীলছ চকুত পৰিছিল।
Get ready with me,,,, অৰ্দ্ধ শৰীৰ দেখুৱাই, বিশেষ অংগবোৰত জুম কৰি এটা এটাকৈ পোছাক পিন্ধি গৈছে।
হেৰ’, সকলো খিনি দেখুৱাই লৈ কাপোৰ পিন্ধি কি লাভ? মূল্য আছে জানো কিবা,,?
আগতে কাপোৰ সলাবলৈ হ’লে মানুহে দুৱাৰখন বন্ধ কৰিছিল এতিয়া get ready with me কৰিবলৈ ৰীলছ খুলি লয়।
লাজ নিবাৰণৰ বাবে হে আমি কাপোৰ পিন্ধো। ৰীলছৰ বজাৰত লাজখিনি নিলাম কৰিবলৈ নহয়।
যি কি নহওঁক,তেওঁলোকৰ কাম হ’ল প্ৰদৰ্শন কৰা আৰু আমি মানুহ বোৰৰ কাম হ’ল উপভোগ কৰা, এনেদৰেই চলি আহিছে আৰু চলি থাকিব। যদিহে দুয়ো পক্ষৰ মাজৰ কোনোবা এজনো হাৰ নামানে, পিছুৱাই নাহে। এবাৰ ভাৱি চোৱা দৰকাৰ কিহে আমাৰ উপকাৰ কৰে আৰু কিহৰ পৰা আমাৰ অপকাৰ হয়।
আমি মানু্হ, জীৱ শ্ৰেষ্ঠ যিহেতু নিজৰ ভাল বেয়া, উচিত অনুচিত জ্ঞান খিনি আছে নিশ্চয়। এবাৰ চিন্তা কৰিব লাগে, নিজৰ সন্তানৰ ভৱিষ্যত সম্পৰ্কে অলপ সজাগতাৰ খুবেই প্ৰয়োজন। সকলোৱে নিজৰ নিজৰ মনবোৰক অলপ মান হ’লেও বশ কৰিব শিকিব লাগে। পাহৰি নাযাব আমি মানু্হ বোৰে তেওঁলোকক সাহস দিছোঁ বুলি হে তেওঁলোক আজি ইমান খিনি পৰ্য্যায়লৈ আগুৱাব পাৰিছে।
আমি যদি নাচাওয়েই তেন্তে উদ্ভণ্ডালি, অসভ্যালিখিনি তেঁওলোকে কাক দেখুৱাবলৈ কৰি থাকিব? Likes comments অহা বন্ধ কৰিলে তেঁওলোকেও বন্ধ কৰি দিব হয়তো পদৰ্শনীৰ বিপনী।
গতিকে সজাগ হওঁক। টোপনীৰ পৰা চকু মেলি চাওঁক।