বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে কোভিড প্ৰতিষেধকৰ ১০২ কোটিৰো অধিক পালি

pc Anandabazar

বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে কোভিড প্ৰতিষেধকৰ ১০২ কোটিৰো অধিক পালি

ৰঙিলী বাৰ্ত্তাসেৱা – বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে কোভিড প্ৰতিষেধকৰ ১০২ কোটিৰো অধিক পালি। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ওচৰত এতিয়াও ১০ কোটি ৪২ লাখৰো অধিক প্রতিষেধক মজুত আছে। ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে চৰকাৰে বিনামূলীয়াকৈ কোভিড প্রতিষেধক যোগান ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সহায়ৰ হাত আগবঢ়াইছে। সার্বজনীন কোভিড-১৯ প্রতিষেধক প্রদান অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশত উৎপাদিত মুঠ প্রতিষেধকৰ ৭৫ শতাংশ ক্ৰয় কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিনামূলীয়াকৈ যোগান ধৰি আহিছে।