বৰেণ্য নাৰী সিন্ধুতাই চাপকাল.. – দেৱীকা বৰপূজাৰী

বৰেণ্য নাৰী সিন্ধুতাই চাপকাল..

নামটো শুনিলেই মনলৈ আহে, মুম্বাইত  My Home India ই আয়োজন কৰা সভাত এগৰাকী অতি সাধাৰণ বেশভূষাৰ মহিলাৰ সুমধুৰ আৰু হাস্য ৰসেৰে ভৰা ভাষণ। সঁচায়ে মোৰ সৌভাগ্য যে সেই সভাত মই উপস্থিত থাকিব পাৰিছিলো। ফুলেৰে সজ্জিত মঞ্চত , মুখত এমোকোৰা হাঁহিৰে সিন্ধুতাই ; শৰীৰত মহাৰাষ্ট্ৰিয়ান কপাহী শাৰী, কতো গহনা নাই, কপালত মাথো এটা ডাঙৰ ফোট। মই পিছে সেই সভাৰ বিৱৰণ দিব খোজা নাই, মই লিখিব খুজিছো, ২০১১ চনত Indian Merchant Chamber ৰ সভাগৃহত সেই বছৰ ‘বছৰৰ মহিলা’ ( Woman of the year) ৰ পুৰস্কাৰ লবলৈ পুনেৰ পৰা অহা সিন্ধুতাই ৰ কথা। পুৰস্কাৰ গ্ৰহণ কৰি, সকলোকে ধন্যবাদ জনাই সিন্ধুতায়ে কৈছিল ” জীৱনটোৱেই এটা পুৰস্কাৰ ” । Wardha ৰ খেতিয়কৰ জীয়ৰী ২৪ বছৰীয়া সিন্ধুতাইক গৰ্ভৱতী অৱস্থাত স্বামীৰ দ্বাৰা পৰিত্যক্ত হব লগীয়া হৈছিল কিন্তু তেখেতে হাৰ মনা নাছিল। দৰিদ্ৰতা নেওচি, চাৰিখন অনাথ আশ্ৰমৰ এহেজাৰ অনাথ সন্তানৰ বাবে পুঁজি সংগ্ৰহ কৰাত উঠি পৰি লাগিছিল। অনাথ আশ্ৰমৰ হকে কাম কৰি থকা সময়তে সিন্ধুতায়ে নিজৰ জীয়েককো অনাথ আশ্ৰমত ভৰ্তি কৰি দিলে যাতে আনবোৰ অনাথ সন্তানৰ প্ৰতি তেখেতৰ স্নেহ আৰু আপদাল কমি নাযায়। অসুস্থ স্বামীক ক্ষমা কৰি সিন্ধুতায়ে শুশ্ৰূষা কৰিলে আৰু নিজৰ জীয়ৰীৰ লগত মিলিত হ’ল প্ৰায় কুৰি বছৰৰ পিছত। সিন্ধুতাইৰ এই অনন্য যাত্ৰাই তেখেত যলৈকে যায়, তাতেই জনপ্ৰিয় হৈ পৰে। IMC ৰ অনুষ্ঠানত মুম্বাইৰ নামী মহিলা উদ্যোগপতি আৰু সমাজৰ আগশাৰীৰ সুসজ্জিতা নাৰী সকলৰ সিন্ধুতাইৰ পদধূলা লবলৈ সেইদিনা হেতা উপৰা লাগিছিল।

গাই গৰু ৰখীয়াৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা সিন্ধুতায়ে সৰুতে গৰু ৰখীয়াৰ কাম কৰি হে স্কুললৈ ঢাপলি মেলিব পাৰিছিল। ন বছৰ বয়সতে প্ৰায় ত্ৰিশ বছৰীয়া এজনৰ লগত বিয়া হোৱাৰ পাছত সিন্ধুতায়ে স্বামীৰ মাৰ খাব লগীয়া হৈছিল কাৰন বাতৰি পঢ়িব লৈ আগ্ৰহী সিন্ধুতায়ে একো নাপালে, বজাৰৰ পৰা টোপোলা বান্ধি অনা খবৰ কাগজৰ টুকুৰা কে পঢ়িছিল, কেতিয়াবা স্বামীয়ে দেখাৰ ভয়ত কাগজৰ টুকুৰা মুখৰ ভিতৰতো ভৰাই থৈছিল। ” মোৰ স্বামীয়ে ভাবিছিল, পঢ়িলে মই তেওঁতকৈ এখোপ আগ বাঢ়ি যাম, কিন্তু মই মাথো যিহকে পাওঁ, পঢ়িব হে খুজিছিলো “- বুলি তেখেতে কয়।
সিন্ধুতাইৰ অনাথ আশ্ৰম প্ৰধানকৈ চলে দান বৰঙণিৰ ওপৰত, কিয়নো চৰকাৰে বিশেষ সহায় কৰা নাই। সেয়েহে কোনো সভালৈ যেতিয়া তেখেতক ভাষণ দিবলৈ মাতে, প্ৰথমেই কৈ লয় ” ৰেশ্যন নহলে ভাষণো নহয় “.. স্বামীৰ পৰা পৰিত্যক্ত হৈ সিন্ধুতায়ে গোহালী ঘৰত ছোৱালী এজনী জন্ম দিয়ে। মাক জীয়েকৰ ভৰন পোষণৰ কাৰনে মুম্বাইৰ লোকেল ট্ৰেইনত গীত গাই ভিক্ষা মাগিব লগীয়া হৈছিল। তিনিবাৰ তেখেতে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল কিন্তু , তেখেতৰে ভাষাত – ” কিবা এক বিশেষ কামৰ বাবেহে প্ৰতিবাৰেই মৃত্যুক সাৱতিবলৈ মই অপাৰগ হৈছিলো ” । শিশু কন্যাক লৈ ঘূৰি ফুৰোতে তেখেতে ৰেলৱে প্লেটফৰ্মত দেখিছিল গৃহহীন ল’ৰা ছোৱালী। ভিক্ষা কৰি যি পাইছিল, তেখেতে সিহঁত বোৰৰ মাজত ভগাই দিছিল। ছমহীয়া শিশু কন্যাক পুনেৰ অনাথ আশ্ৰমত থৈ সিন্ধুতায়ে মুকলি মনেৰে, দেহেকেহে গীত গাই, ভিক্ষা মাগি , নানাজনে দিয়া দান দক্ষিনা আৰু অগ্নিগৰ্ভা ভাষনেৰে উপাৰ্জন কৰা ধনেৰে পথতে জীৱন নিৰ্বাহ কৰা বহুত ল’ৰা ছোৱালীক ডাঙৰ কৰিছে।
১৯৮৬ চনত সিন্ধুতাইৰ প্ৰথম অনাথ আশ্ৰম অমৰাবতীত পুঞ্জীভূত হ’ল। তেখেতৰ এই আশা সুধীয়া কামৰ বিষয়ে শুনিবলৈ পাই , নানা ঠাইৰ পৰা দান আহিবলৈ ধৰিলে। ল’ৰা ছোৱালী বোৰক স্কুল আনকি কিছুমানক কলেজীয়া শিক্ষা দিয়াৰ উপৰিও তেখতে বহুতৰে বিয়াও পাতি দিছিল। কোনোৱে সিন্ধুতাইক খবৰ দিলে যে তেওঁৰ স্বামী বৰ্তমান বৃদ্ধ আৰু গুৰুতৰ ৰোগত আক্ৰান্ত। ‘ তেওঁ বৃদ্ধ, চাবলৈ কোনো নাই, গতিকে মই সহায় কৰিবই লাগিব । মই তেওঁক কলো, ‘মই এতিয়া তোমাৰ পত্নী নহয়, কিন্তু এক অনাথ শিশুক চোৱাৰ দৰে মই তোমাক চাম, মাতৃ হিচাবে ‘। কেনেকৈ ক্ষমা কৰিছে বুলি প্ৰশ্ন কৰোতে স্মিত হাঁহিৰে সিন্ধুতায়ে কয় — ‘ মোক পৰিত্যাগ কৰাৰ বাবেই মই আজি এই মহান কাম কৰিব পাৰিছো ‘ !
কিন্তু এই মহান কাম কৰি থকাৰ মাজতো সিন্ধুতাইৰ মাতৃ মনে হাহাকাৰ কৰি উঠে নিজৰ জীয়েক মমতাৰ কথা সুঁৱৰি। ” তাই নিশ্চয় মোক ঘৃণা কৰে মই তাইক অনাথ আশ্ৰমত থোৱাৰ বাবে । কিন্তু এতিয়া তায়ো বুজি পালে মই কি কাৰনে তাইক আশ্ৰমত থব লগীয়া হৈছিল “। সমাজ সেৱাৰ স্নাতক মমতা সিন্ধুতাইৰ আশ্ৰমৰ মুখ্য প্ৰশাসনীয় বিষয়া । মমতাই স্বীকাৰ কৰে তেওঁৰ শৈশৱ আনতকৈ বেলেগ ” যদিও মাৰ অভাৱ বিশেষ অনুভৱ নকৰিছিল , তথাপি আন ল’ৰা ছোৱালীৰ লগত মাক বাপকবোৰ দেখিলে মোৰো বুকুৰ কোনোবা খিনিত বৰকৈ বিষ হৈছিল ” । পাছলৈ মাক জীয়েক একেলগে পুনেৰ তেওঁলোকৰে এটা কেন্দ্ৰত থাকিবলৈ ললে।
২০১০ চনত , মাৰাঠী সাহিত্য পৰিষদৰ সভাত সিন্ধুতাইক ভাষণ দিবলৈ আমেৰিকাৰ Sanfrancisco লৈ আমন্ত্ৰণ কৰিছিল। এই বিষয়ে বাতৰি কাকতত পঢ়িবলৈ পাই কথাছবি নিৰ্মাতা অনন্ত মহাদেৱনে স্থিৰ কৰিলে সিন্ধুতাই ৰ জীৱনী লৈ ছবি নিৰ্মাণ কৰিব। মহাদেৱনৰ ভাষাত- ” মই বাতৰিৰ শিৰোনামাত পঢ়িবলৈ পাইছিলো – ‘ মোৰ ১৫৭ টা জোঁৱাই আছে’ আৰু তেতিয়াই তেওঁ সিন্ধুতাইক লগ কৰি ,ছবি নিৰ্মাণৰ বিষয়ে বিবৰি কয় আৰু তাৰেই ফল স্বৰূপে এখন সুন্দৰ মাৰাঠী কথাছবি নিৰ্মান হ’ল ‘মী সিন্ধুতাই চাপকাল ‘( I’m Sindhutai Sapkal)…এই ছবিখন বহু আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত দেখুওৱা হৈছিল আৰু এই ছবিৰ জৰিয়তে অধিক সংখ্যক লোক সিন্ধুতাইৰ কামত সহায় কৰিবলৈ আগবাঢ়ি আহিল ।
মুখত প্ৰসন্নতাৰ হাঁহিৰ মানুহ গৰাকী সেইদিনা দাদৰৰ My Home India অনুষ্ঠানতো একে ধৰনেৰেই শোভা বৰ্ধন কৰিছিল- তেখেতৰ তেজস্বী অথচ সৰল ভাষণৰ জৰিয়তে। মঞ্চলৈ উঠি আহিছিল কেইবাটাও ডেকা ল’ৰা , যি সিন্ধুতাইৰ সহায়ত ডাক্তৰ, চাৰ্টাৰদ একাউনটেন্ট উকীল আৰু এডভাৰতাইজিং প্ৰফেশ্যনেল হিচাপে মূৰ দাঙি থিয় দিব পাৰিছে। লগতে মঞ্চলৈ আহিছিল কেইবা জোৰা পতি পত্নী, যাৰ বিয়া সিন্ধুতায়ে পাতিছিল। অসংখ্য বিয়া পাতিছিল বাবেই তেখেতে গৰ্বেৰে কব পাৰিছিল ” মোৰ ১৫৭ তা জোঁৱাই আছে ” বুলি। ২০২১ চনত সিন্ধুতাইক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মান জনাইছিল।

সকলোৱে ভাবিছিল,অনাথৰ মাতৃ গৰাকীৰ যাত্ৰা কেতিয়াও শেষ নহব, ‘তেখেতক মাতা, তেখেত আহিব ‘….কিন্তু সকলোৰে এই ধাৰণা মিছা প্ৰমাণিত হ’ল । ২০২২ ৰ চাৰি জানুৱাৰীৰ দিনা এই মহীয়সী নাৰীৰ পুনেত মৃত্যু হয়। চল্লিছ বছৰ ধৰি, একেৰাহে প্ৰায় এহেজাৰ জনক আশ্ৰয় দি, মানুহ হিচাবে জীয়াই থাকিবলৈ সাহস যোগোৱা, ‘ Mother of Orphans’ আজি আৰু নাই।

মোৰ সৌভাগ্য যে মই তেখেতক ওচৰৰ পৰা গৈ সেৱা জনাই একেলগে ফটো এখন তুলিবলৈ সুবিধা পাইছিলো। এই লিখনী ৰে আজি সিন্ধুতাই চাপকালক অশ্ৰু অঞ্জলী যাচিলো।

দেৱীকা বৰপূজাৰী
মুম্বাই