বৰষুণেৰে সী দিলোঁ এপথাৰ সুখ – ছৈয়দা আঞ্জুম আৰা হুছেইন

বৰষুণেৰে সী দিলোঁ এপথাৰ সুখ

ছৈয়দা আঞ্জুম আৰা হুছেইন , গুৱাহাটী 

গছৰ ডালৰ ফেৰেঙনিত বহি

এটি মিঠা সুহুৰি

অ’ মোৰ মেঘাঞ্জলি

তুমি আহিছা

প্ৰেমৰ এবাতি আপঙেৰে

এচাটি মলয়া হৈ

তুমি মোক স্পৰ্শ কৰা

মই উন্মনা হওঁ

চঞ্চল হওঁ

পখিলাৰ পাখি সী

উৰি যাওঁ মেঘৰ দেশলৈ

দুচকুত আঁকি কলা মেঘৰ কাজল

পিন্ধি লওঁ এখনি বৰণহীন চাদৰ

চুমা দি জগাই তোলো

 পিয়াহতুৰ পৃথিৱীক

জুৰিটিৰ স’তে কাণে কাণে ফুচফুচাই

খিলখিল হাঁহি হৈ

উফৰি পৰোঁ জোনে মুখ চোৱা পানীত

মেঠনি ডুবা পানীত গা-পখলা

জাকপতা গাভৰুক

ভাকুটকুটাই দিওঁ

নদীৰ স’তে কৰি গোপন আলাপ

ৰূপোৱালী মাছৰ ফিছাত বহি

ওমলোঁ ,ন-পানী হৈ

ককাৰ পথাৰত

সিঁচি দিওঁ এটি ভৱিষ্যতৰ সপোন

আঘোণৰ ধানেৰে সোণসেৰীয়া ৷