বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Pc the janambhumi

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, আমাৰ অতি আদৰৰ বশিষ্ঠ দেৱশৰ্মা দেৱক যেতিয়াই লগ পাইছিলোঁ, এটি নিভাঁজ হাঁহিৰে তেওঁ মোক সম্ভাষণ জনোৱাৰ লগতে মৰম-আশীৰ্বাদ যাচিছিল। আমি ছাত্ৰ সংগঠন কৰি থকাৰ সময়ৰেপৰা তেওঁৰ ঘৰখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ় হৈ উঠিছিল। জীৱনৰ যিকোনো মুহূৰ্ততে স্থিতপ্ৰজ্ঞ আৰু সহনশীল হৈ সমাজৰ হিতৰ বাবে ন-উদ্যমেৰে কাম কৰি যাবলৈ তেখেতৰপৰা যথেষ্ট উৎসাহ পাইছিলোঁ। তেওঁৰ বিয়োগত আমি এগৰাকী পথ প্ৰদৰ্শকক হেৰুৱালোঁ। আমাৰে সৌভাগ্য যে, তেখেতক ২০১৭ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰাৰ সুযোগ পাইছিলোঁ।আধ্যাত্মিকতা আৰু সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বশিষ্ঠ দেৱশৰ্মা দেৱে জীৱনজুৰি মানৱপ্ৰেম, নিঃস্বাৰ্থ সেৱা আৰু অদম্য মনোবলৰ যি অতুলনীয় নিদৰ্শন দাঙি ধৰিলে, আমাৰ মাজত সেয়া চিৰদিন সজীৱ হৈ থাকিব।তেওঁৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত নিকটাত্মীয় আৰু অজস্ৰ গুণমুগ্ধ, ভকতবৃন্দলৈ গভীৰ সমবেদনা জনালোঁ।”