বৰপেটাত জন্ম হোৱা দুটা মূৰ সংলগ্ন দুটা যমজ সন্তানৰ জিএমচিএইচত চিকিৎসাধীন

Pc- Children's hospital of philadelphia

বৰপেটাত জন্ম হোৱা দুটা মূৰ সংলগ্ন দুটা যমজ সন্তানৰ জিএমচিএইচত চিকিৎসাধীন

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটাত ২৭ অক্টোবৰত জন্ম হৈছিল দুটা মূৰ সংলগ্ন দুটা যমজ সন্তানৰ৷ বৰ্তমান জিএমচিএইচত চিকিৎসাধীন সন্তান দুটা৷জিএমচিএইচত অস্ত্ৰোপচাৰৰ জৰিয়তে মূৰ দুটা পৃথক কৰিবলৈ চেষ্টা কৰি আছে চিকিৎসকৰ দলে৷ নিউৰ’ চাৰ্জাৰী চিকিৎসকৰ দলে যমজ সন্তান দুটাৰ এমআৰআই কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷জিএমচিএইচত অস্ত্ৰোপচাৰৰ জৰিয়তে মূৰ দুটা পৃথক কৰিব নোৱাৰিলে লেজাৰ চাৰ্জাৰীৰ বাবে বাহিৰলৈ প্ৰেৰণ কৰিব জিএমচিএইচৰ কৰ্তৃপক্ষই৷ কিন্তু সন্তান দুটাৰ ব্ৰেইন মেটাৰ যদি এটাই হয় তেনেহ’লে সম্ভৱ নহ’ব মূৰ দুটা পৃথক কৰাৰ৷