বৰঝাৰ বিমানবন্দৰ আদানী গ্ৰুপলৈ হস্তান্তৰ

pc- Pratidin Time

বৰঝাৰ বিমানবন্দৰ আদানী গ্ৰুপলৈ হস্তান্তৰ

অনলাইন বাৰ্ত্তাসেৱা– কোভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে হস্তান্তৰ প্ৰক্ৰিয়াৰ কাম বন্ধ হৈ থকাৰ পাছত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে বৰঝাৰ বিমানবন্দৰটো আদানী গ্ৰুপলৈ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে।বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে আদানী গ্রুপক বিমানবন্দৰ হস্তান্তৰ কৰাৰ নামত যোৱা ২৭ জুলাইত যি নিৰ্দেশ জাৰি কৰিছে সেই নির্দেশ পোহৰলৈ অহাৰ পাছত বিমানবন্দৰ চৌহদত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। নির্দেশটোত ৩১ আগষ্টৰ ভিতৰত বৰঝাৰ বিমানবন্দৰ চৌহদত থকা বিষয়া-কৰ্মচাৰীক তেওঁলোকৰ সকলো আৱাস আৰু কাৰ্যালয় খালী কৰিবলৈ নিৰ্দেশ দিছে। কোভিডকেন্দ্রিক ভয়াৱহতা মাৰ নৌযাওঁতেই মাত্ৰ এমাহৰ ভিতৰতে আৱাস খালী কৰাটো সম্ভৱপৰ নহয় বুলি কৰ্মচাৰীসকলে কৰ্তৃপক্ষক জানিবলৈ দিছে।

(R.T)