ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু

Pc Hindustan Times

ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু ।বাকিংহাম পেলেচে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।ৰাজপৰিয়ালৰ তৰফৰ পৰা এক টুইটযোগে আনুষ্ঠানিকভাৱে ৰাণী এলিজাবেথৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰা হয়। ১৯৫২ চনত ইংলেণ্ডৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত মৃত্যুলৈ ৭০ বছৰ বৃটেইনৰ ৰাণী হৈ আছিল দ্বিতীয় এলিজাবেথ। বিশ্বৰ সৰ্বাধিক শাসনকাল চলোৱা শাসকৰ অভিলেখ ৰচি গৈছে ৰাণী দ্বিতীয় এলিজাবেথে।