ব্রাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰোৰ কাৰ্যৰ প্ৰতিবাদ ২১গৰাকী বিজ্ঞানীৰ

Pc- NDtv.com

ব্রাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰোৰ কাৰ্যৰ প্ৰতিবাদ ২১গৰাকী বিজ্ঞানীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰোৰ কাৰ্যৰ প্ৰতিবাদ জনাই ২১গৰাকী বিজ্ঞানীয়ে সন্মানীয় পদক গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছে।ৰাষ্ট্ৰপতিগৰাকী গৱেষণা আৰু প্ৰযুক্তিৰ বাবে বাজেটত থকা ধনৰাশি কৰ্তন কৰি ইতিমধ্যে সমালোচনাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন সময়ত বিজ্ঞান গৱেষণাক লৈ ভুল বাৰ্তা প্ৰদান কৰি অহাৰ লগতে ক’ভিড ১৯ মহামাৰী সন্দৰ্ভতো  বিজ্ঞান মানসিকতাক বিসর্জন দি আহিছে। এই সকলোবোৰ ঘটনাৰ প্রতিবাদ জনাই বিজ্ঞানীসকলে ‘নেচনেল অৰ্ডাৰ অৱ ছাইণ্টিফিক মেৰিট’ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।