ব্রহ্মপুত্রত ইঞ্জিনচালিত নাওৰ পৰা পৰি সন্ধানহীন এজন

ব্রহ্মপুত্রত ইঞ্জিনচালিত নাওৰ পৰা পৰি সন্ধানহীন এজন

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ শালমৰা মানকাচৰত এক অঘটন সংঘটিত হৈছে। আৰক্ষী অহা এখন যন্ত্ৰচালিত নাঁৱৰ পৰা এজন আৰক্ষী জোৱান পিচলি পৰে। ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হোৱা নাওখনত জিলাখনৰ SP, DSP, OCএ ফকিৰগঞ্জ আৰক্ষী থানাৰ পৰা এক ইঞ্জিন চালিত নাঁৱৰে বন্ধিহানা আৰক্ষী থানালৈ গৈ আছিল। যাত্ৰাৰ সময়তে উপ আৰক্ষী অধীক্ষকৰ দেহৰক্ষীজন মাজ নদীত বাগৰি পৰে। এই দুৰ্ঘটনাত আৰক্ষী জোৱান কুশল কলিতা (৩৬) নিখোজ হয়। আৰক্ষী জোৱান জনৰ ঘৰ গোৱালপাৰাৰ মৰনৈত বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে আৰক্ষী জোৱানজনৰ তালাচি অভিযান অব্যাহত আছে।