ব্যক্তিগত লাভালাভৰ স্বাৰ্থত ভুক্তভোগী জনগন – শৈলেন কুমাৰ

Pc Episodes| Nature| PBS

ব্যক্তিগত লাভালাভৰ স্বাৰ্থত ভুক্তভোগী জনগন 

বৰ্তমান সময়ত ক্ষমতা আৰু পইচা যাৰ হাতত তেওঁলোক সমাজৰ কৰ্তাধৰ্তা,সমাজত তেওঁলোকে প্ৰতিষ্ঠিত,সমাজ ৰক্ষক ৷ ৰাজ্যৰ ৰজা হ’লে প্ৰজাৰ হিতাহিত তথা সমস্যাবোৰৰ কথা চিন্তা কৰাতো ৰজাৰ দায়িত্ব,প্ৰজাৰ প্ৰতিচ্ছবি হৈছে ৰজা ৷ কিন্তু ৰাজসভাত যদি বিভাগীয় মন্ত্ৰীগণে কেৱল ৰজাৰ তৈলমৰ্দনত ব্যস্ত থাকে নিজস্ব স্বাৰ্থ পূৰণ বাবে তেতিয়া ৰাজ্যৰ কল্যাণ কেনেকৈ সম্ভৱ? সমাজত বাস্তৱত ঘটি থকা কৰ্মকাণ্ডৰ কথা আমি এক কাহিনীৰে বুজোঁ আহক ৷

এখন দেশত এজন ক্ৰুৰ অজ্ঞানী ৰজা আছিল ৷ ৰজাই ৰাজ্যৰ জনসাধাৰণৰ হিতাহিত তথা সমস্যাৰ বুজ লোৱাৰ পৰিৱৰ্তে নিজস্ব ভোগ আৰু আমোদপ্ৰমোদত ব্যস্ত হৈ থাকিছিল ৷ৰজাৰ এনে কৰ্মকাণ্ডত ৰাজ্যবাসী তথা মন্ত্ৰীসভাৰ মন্ত্ৰীগন অসন্তুষ্ট হৈছিল যদিও নিজৰ ব্যক্তিগত লাভালাভৰ বাবে মৌন হৈ থাকে ৷ এদিন কেইজনমান ডকাইত কাৰিকৰৰ ভেশত ৰাজসভাত উপস্থিত হ’ল আৰু ৰজাৰ আগত প্ৰস্তাৱ ৰাখিলে যে ৰজাক তেওঁলোকে এনে এযোৰ পোচাক বনাই দিব,যি পোচাক পৰিধান কৰিলে ৰজা অমৰ হব আৰু তেওঁক ৰণত কোনোবে পৰাজিত কৰিব নোৱাৰিব ৷ কিন্তু চৰ্ত এটা ৰাখিলে স্বাৰ্থপৰ আৰু লুভীয়া মানুহে সেই পোচাক যোৰ নেদেখিব ৷ ৰজাই ডকাইত ৰূপী কাৰিকৰ কেইজনৰ কথাত পতিয়ন গৈ পোছাক নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰি শকত ধনৰ টোপোলা আগবঢ়ালে ৷ আৰু কিছুদিন পাছত পোচাক পৰিধান কৰাৰ দিন আহি পৰিল,ৰাজসভাত সকলো ৰাজ্যবাসীৰ লগতে মন্ত্ৰীগণ উপস্থিত ৷ ৰজাই কাৰিকৰ কেইজনক পোচাক পৰিধান কৰাবলৈ নিৰ্দেশ দিলে ৷ কথামতেই কাম প্ৰথমে কাৰিকৰ কেইজনে ৰজাৰ সম্পূৰ্ণ বস্ত্ৰ সলাই নাঙঠ কৰি নতুন বস্ত্ৰ পিন্ধাবলৈ ধৰিলে,আৰু কিছু মুহূৰ্তৰ পাছত ৰজাক ৰাজ্যবাসী আৰু মন্ত্ৰীগণৰ সম্মুখত ৰজাক উলিয়াই দিলে ৷ কিন্তু ৰজাক নাঙঠ দেখি ৰাজ্যবাসী আৰু মন্ত্ৰীগণ আচৰিত হ’ল,ৰজাই মন্ত্ৰীগণক শুধিলে পোচাক যোৰৰ কথা তেতিয়া মন্ত্ৰীগণে ভাবিলে যদি সঁচা কথা কোৱা যায় ৰজাক তেতিয়া মন্ত্ৰীগণৰ পদোন্নতি নহব গতিকে মন্ত্ৰীগণে নিজস্ব স্বাৰ্থৰ বাবে ৰজাক প্ৰশংসা কৰিব ধৰিলে,আৰু এইবাৰ ৰাজ্যবাসীলৈ ৰজাৰ সেই একেটাই প্ৰশ্ন ৰাজ্যবাসীয়ে ৰজাৰ ভয়ত ৰজাৰ ৰোষত পৰিব বুলি ভাবি ৰজাক প্ৰশংসা কৰিলে ৷ কিন্তু ৰাজসভাত উপস্থিত বালক এটাই ৰজাক দেখি হাঁহিব ধৰিলে যিহেতুকে বালক জনৰ কোনো স্বাৰ্থ নাছিল গতিকে বালকজনে সঁচা কথা ৰজা ক’লে ৷ তেতিয়া ৰজাই নিজৰ ভুল বুজি পালে ৷ গতিকে এই কাহিনীৰ পৰা আমি এই শিক্ষা লব পাৰোঁ যে আমি ব্যক্তিগত স্বাৰ্থ আৰু লাভালাভৰ বাবে ৰজাক প্ৰশংসা কৰি গৈ আছোঁ আৰু ডকাইত ৰূপী কিছুমানে আমাক শোষণ কৰাৰ সুবিধা গ্ৰহণ কৰিছে গতিকে আমি নিজস্ব স্বাৰ্থ তথা লাভালাভৰ কথা চিন্তা নকৰি জনকল্যাণৰ দিশে আগবাঢ়িব লাগে ৷

শৈলেন কুমাৰ
মিৰ্জা