বৌদ্ধিক বিকাশৰ বাবে অধ্যয়ন আৱশ্যক – সংযুক্তা দত্ত

বৌদ্ধিক বিকাশৰ বাবে অধ্যয়ন আৱশ্যক 

সংযুক্তা দত্ত,মিছামৰা

অধ্যয়ন বুলি কোৱা লগে লগে আমাৰ মানসপটত সাধাৰণতে এখন ছবি ভাঁহি আহে । সেই ছবিখন সাধাৰণতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ।কাৰণ বেছি ভাগ সময় অধ্যয়নৰ লগত ছাত্ৰ-ছাত্ৰী সকলে জৰিয়ত হৈ থাকে। ছাত্ৰৰ প্ৰধান কৰ্তব্য হ’ল–অধ্যয়ন। সংস্কতত এটা শ্লোক আছে- ছাত্ৰ নং অধ্যয় নং তপ ঃ অৰ্থাৎ- অধ্যয়ন কৰাই ছাত্ৰ জীৱনৰ প্ৰধান কৰ্তব্য । বিদ্যালয় ,মহাবিদ্যালয় ,বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ছোৱা হ’ল – আমাৰ ছাত্ৰ জীৱন।আৰু এই সময়ছোৱা বৰ ভাল লগা। এই সময় সোণালী সময় এবাৰ যোৱা মানে আকৌ উভতি নাহে। সমাজৰ একো একো জন মানৱ সম্পদ এই সময়ত গঢ় লৈ উঠে।অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত।

বৌদ্ধিক বিকাশ হ’বলৈ আমাৰ অধ্যয়নৰ আৱশ্যক। বৌদ্ধিক দিশটো নীতি শিক্ষা দ্বাৰা হয়। বিদ্যালয়তে আমাৰ এই দিশৰ বিকাশ হয়। অকল কিতাপৰ কথাখিনি পঢ়াটোৱে আমাৰ অধ্যয়ন নুবুজায়। কিতাপৰ বাহিৰৰ ও কিছুমান কথা জনাটো দৰকাৰ। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কিতাপ, আলোচনী, বাতৰি কাকত অধ্যয়ন কৰাটো বহুতেই প্ৰয়োজন ।তাৰোপৰি কিছুমান কথা আমি আনৰ অভিজ্ঞতাৰ পৰা, ব্যক্তিগত জীৱনৰ পৰা , সমাজৰ পৰা শিকিব পাৰোঁ।

আমাৰ বাবে অধ্যয়নৰ প্ৰয়োজনীয়তা অপৰীসীম । আমি যিমানে অধ্যয়ন কৰিম সিমানে শিকিম, সিমানে বুজিম ।সকলো কাম অথলে গ’লেও আমাৰ অধ্যয়ন কেতিয়াও অথলে নাযায়। আমাৰ অধ্যয়নে আমাক যিকোনো মূহুৰ্তত যিকোনো ধৰণে সহায় কৰিব পাৰে। আমি মহান লোক সকলৰ জীৱন সম্পৰ্কে জানিবলৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ জীৱনী আত্মজীৱনী পঢ়িব পাৰোঁ। আৰু সেই জীৱনী বা আত্মজীৱনী পঢ়ি আমি জীৱনৰ কথা বহুতো জানিব পাৰোঁ।যাৰ দ্বাৰা আমাৰ বৌদ্ধিক বিকাশো সাধন হয়।

ছাত্ৰ অৱস্থা এটা নিৰ্দিষ্ট সময় থাকে , এটা নিৰ্দিষ্ট বয়স থাকে । কিন্তু শিকাৰ , কিতাপ পঢ়াৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে , কোনো নিৰ্দিষ্ট সময় নাথাকে। আমি কিতাপ পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰো। মহান দাৰ্শনিক চক্ৰটিছে কৈছিল – মই এটা কথাই জানো সেয়া হ’ল মই একোৱে নাজানো। অৰ্থাৎ আমি যিমানে নাভাবো কিয় আমি সকলো পঢ়ি শেষ কৰিলোঁ সকলো জানোঁ। তাথাপিও কিন্তু আমি নজনা কথা বহুতো আছে। শিকিবলৈ বহুতো থাকে। আমি যেতিয়া ভাবিম আমি একো নাজানো তেতিয়াই আমি শিকিব পাৰিম।

বেঞ্জামিন ফেক্সোমিনে কৈছিল — নজনাটো একো লাজৰ কথা নহয় । জানিবলৈ চেষ্টা নকৰাটোহে অতিকৈ লাজৰ কথা । অৰ্থাৎ আমি নজনা কথা বহুতো আছে । সেয়া থাকিবও সকলো জনাটো সম্ভৱ নহয়। কিন্তু আমি নজনাটো নাজানো বুলি ক’বলৈ লাজ কৰোঁ। যিটো আমি কৰিব নালাগে বৰঞ্চ আমি নজনাটো জানিবলৈ চেষ্টাহে কৰিব লাগে।জানিবলৈ নিবিচৰাটো হে অতিকৈ লাজৰ কথা। গতিকে আমি কেতিয়াও শিকিবলৈ লাজ কৰিব নালাগ।

যেনেদৰে আমাৰ শৰীৰটো সুস্থ তথা শাৰীৰিক বিকাশ হ’বলৈ খাদ্যৰ প্ৰয়োজন।ঠিক তেনেদৰে আমাৰ মানসিক তথা বৌদ্ধিক বিকাশ হ’বলৈ অধ্যয়নৰ প্ৰয়োজন ।