বোকাখাতৰ অন্যতম শক্তিশালী কণ্ঠ প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বোকাখাতৰ অন্যতম শক্তিশালী কণ্ঠ প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মৃদুস্মিতা শৰ্মা, বোকাখাত, ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতৰ বৈদ্যুতিন মাধ্যমৰ অন্যতম বাটকটীয়া সাংবাদিক, বোকাখাতৰ এক শক্তিশালী কণ্ঠ তথা সমাজ জীৱনৰ অতন্দ্ৰ সৈনিক প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি সন্ধ্যা বোকাখাত নগৰৰ মাজত থকা শ্ৰীশ্ৰী চিকন আতা তোৰণৰ তলত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ ইলেকট্ৰনিকচ মিডিয়া জাৰ্ণালিষ্ট এচ’চিয়েচন, বোকাখাত (চমুকৈ ইমজা, বোকাখাত), কাজিৰঙা নিউজ নেটৱৰ্ক, কে এন এন বোকাখাত লাইভ, খবৰ বোকাখাত, বোকাখাতৰ সমূহ সাংবাদিক আৰু বোকাখাতৰ বিভিন্ন দল-সংগঠন তথা বোকাখাতবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰদ্যুত মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত মহন্তৰ পৰিয়ালৰ হৈ বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড° বিজয় শৰ্মা আৰু অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। লগতে শ্ৰী শ্ৰী চিকন আতা তোৰণৰ তলত সংলগ্ন বহুকেইগচি বন্তি প্ৰজ্বলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, কে এন এন-ৰ অধ্যক্ষ বদন দুৱৰা, ইমজাৰ সভাপতি, সম্পাদক ক্ৰমে সঞ্জীৱ হাজৰিকা আৰু সুদীপ্ত তামুলী, কবি-সাংবাদিক মৃদুষ্মিতা শৰ্মাকে আদি কৰি উপস্থিত বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে। কে এন এন, বোকাখাতৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰদ্যুত মহন্তৰ স্মৃতিচাৰণ কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে ড° বিজয় শৰ্মা , জিতু শৰ্মা ৰাজখোৱা, সুৱৰ্ণ শইকীয়া বৰদলৈ, ভবানন্দ কলিতা, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, বদন দুৱৰা, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মনোজ শইকীয়া, বোকাখাত আটছাৰ সম্পাদক অমিত সাগৰ, বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অসীম বৰা, সাংস্কৃতিকৰ্মী ৰূপজ্যোতি ভড়ালী আদিয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বোকাখাতৰ সাংবাদিক সকলৰ লগতে গৰিষ্ঠ সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।