বোকাখাতত ঐক্য মঞ্চ অসমৰ দুদিনীয়া ৰাজ্যিক নেতৃত্বৰ কৰ্মশালা আৰম্ভ

বোকাখাতত ঐক্য মঞ্চ অসমৰ দুদিনীয়া ৰাজ্যিক নেতৃত্বৰ কৰ্মশালা আৰম্ভ

বোকাখাত, ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতত দুদিনীয়াকৈ আৰম্ভ হৈছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ কেন্দ্ৰীয় বিষয় ববীয়া সকলৰ “নেতৃত্বৰ কৰ্মশালা”। অসমৰ বিভিন্ন জনগোষ্ঠীৰ সামগ্ৰিক সংৰক্ষণৰ জৰিয়তে বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সংগঠনটো নিয়াৰিকৈ চলাই নিয়াৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা কেন্দ্ৰীয় বিষয় ববীয়া সকলৰ আগত আদৰণি ভাষণ দি সংগঠনটোৰ সভাপতি ৰেৱকান্ত গগৈয়ে কয় যে অসমীয়া জাতি হ’ল এক সংমিশ্ৰিত জাতি, সকলো জাতি জনগোষ্ঠীৰ সৃষ্টি হৈছে অসমীয়া জাতিৰ বুকুত। সেয়েহে বৃহৎ অসমীয়া জাতিটোৰ অস্তিত্ব বিশ্ব ঐতিহ্যৰ বুকুত ৰৈ যোৱাকৈ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ জৰিয়তে আমি প্ৰচেষ্টা চলাই যাবই লাগিব। সভাপতি ৰেৱকান্ত গগৈৰ বাসগৃহত অনুষ্ঠিত কেন্দ্ৰীয় সম্পাদক প্ৰহ্লাদ মিলিয়ে আঁত ধৰা প্ৰথম দিনাৰ, অৰ্থাৎ ২৬ আগষ্টৰ কৰ্মশালাত ক্ৰমে সূৱৰ্ণ শইকীয়া বৰদলৈ, মিনতি দলে, প্ৰীতিৰঞ্জন বৰা, মৃদুস্মিতা শৰ্মা, পুতলি কায়স্থ, দ্বীপান্দিতা দুৱৰা, হেমন্ত চাংমাই, লীলা টিমচিনা, মমী হাজৰিকা, চনিং কয়াক, কৰৱী গগৈ, জ্যোতিৰেখা শইকীয়া কোঁৱৰ, প্ৰতিভা দেওৰজা, নিপন দলে, বিতোপন দাস,মনো বৰা ,ঊষাজোন ফুকন , অজন্তা তালুকদাৰকে আদি কৰি প্ৰায় ৫০ গৰাকী নেতৃবৃন্দই অংশগ্ৰহণ কৰে।