বৈথা ফাউণ্ডেশ্যন আৰু নৱোদয়া ৱেলফাৰ ফেমিলীৰ উদ্যোগত বনগ্ৰোম প্ৰথমিক বিদ্যালয়ত সজাগতা সভা

বৈথা ফাউণ্ডেশ্যন আৰু নৱোদয়া ৱেলফাৰ ফেমিলীৰ উদ্যোগত বনগ্ৰোম প্ৰথমিক বিদ্যালয়ত সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলাৰ অন্যতম সমাজ সেৱা সংস্থা বৈথা ফাউণ্ডেশ্যন আৰু নৱোদয়া ৱেলফাৰ পৰিয়াল সংস্থাৰ উদ্যোগত ২ নৱেম্বৰ মঙ্গলবাৰে বনগ্ৰোম অঞ্জলোগুডি প্ৰাথমিক বিদ্যালয়ত জোৱাহাৰ নৱোদয়া বিদ্যালয়া সন্দৰ্ভত এখনী সজাগতা সভা আয়োজন কৰে। কিয়নো, নৱোদয়া বিদ্যালয়ৰ বাছনি পৰিক্ষাৰ বাবে যোৱা ১ নৱেম্বৰ তাৰিখৰ পৰা ৩০ নৱেম্বৰ তাৰিখলৈ আৱেদন প্ৰক্ৰিয়া চলি আছে সেয়েহে ওদালগুৰি জিলাৰ ভিতৰুৱা অঞ্চল বনগ্ৰোমৰ ছাত্ৰ ছাত্ৰী তথা অভিৱাবক সকলক নৱোদয়া শিক্ষা আৰু বিদ্যালয় সন্দৰ্ভত প্ৰাৰম্ভিক জ্ঞান আৰু জাগৰণ কৰাৰ বাবে আজি বৈথা ফাউণ্ডেশ্যনৰ উদ্যোগত এই সজাগতা সভা আয়োজন কৰে। উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াভাৱে উন্নত শিক্ষা দিবলৈ চৰকাৰৰ এক উল্লেখনীয় ব্যৱস্থা আছে-;””প্ৰতিখন জিলাতে একোএকোখনকৈ নৱোদয়া বিদ্যালয় আছে যাৰ দ্বাৰাই মেধাৱী ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াভাৱে উন্নত শিক্ষা দি দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী সকলকো জীৱন গড়াত অৰিহণা যোগাই আহিছে। সংশ্লিষ্টত নৱোদয়া বিদ্যালয়ত দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে বিনামূলীয়াভাৱে নৱোদয়া শিক্ষা লাভ কৰি সাফল্য হ’ব পাৰি সেই সন্দৰ্ভত ওদালগুৰি জিলাৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা অভিৱাবক সকলক অৱগত কৰোৱাৰ উদ্দশ্যৰে আজি বৈথা ফাউণ্ডেশ্যন আৰু নৱোদয়া ৱেলফাৰ পৰিয়ালৰ সন্থাৰ উদ্যোগত বনগ্ৰোম প্ৰাথমিক বিদ্যালয়ত সজাগতা সভা আয়োজন কৰে। আৰু উক্ত সভাত উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা নৱোদয়া বিদ্যালয়ৰ P.G.I নৰেশ্বৰ উপাধ্যা, ওদালগুৰি নৱোদয়া বিদ্যালয়ৰ T.G.T সুভ্ৰতা বিশ্বাছ সহ। বৈথা ফাউন্দেছন সহকাৰী সম্পাদক অৰ্জুন নাৰ্জাৰী লগতে নৱোদয়া ৱেলফাৰ পৰিয়াল সংস্থাৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰ কুমাৰ বসুমতাৰী উপস্থিত থাকি প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী তথা অভিৱাবকক নৱোদয় বিদ্যালয়া সন্দৰ্ভত জাগৰণ কৰা দেখা যায়।