বেলতলাত বৃদ্ধাশ্ৰম উদ্বোধন

বেলতলাত বৃদ্ধাশ্ৰম উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ বেলতলা, বশিষ্টপুৰত ড° লতিফ হুছেইন, লেখিকা ৰমিছা বেগমৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সমাজৰ অৱহেলিত জ্যেষ্ঠ নাগৰিকসকলক সেৱা-শুশ্ৰুষা কৰাৰ মনোভাৱেৰে “আশীৰ্বাদ বৃদ্ধাশ্ৰম আৰু মনোৰঞ্জন কেন্দ্ৰ” আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত অনুষ্ঠান উদ্বোধন কৰে লেখিকা সমাজসেৱী ৰমিছা বেগমে।এই আশ্ৰমত জ্যেষ্ঠ নাগৰিক সকলে আহি বিভিন্ন খেল-ধেমালি কৰাৰ উপৰিও বিভিন্ন লেখক লেখিকাৰ গ্ৰন্থ অধ্যায়ন কৰি সময় অতিবাহিত কৰিব পাৰিব। বেগমে নিজে লিখা 34 খন গ্ৰন্থ আশ্ৰমবাসীৰ নামত আজি শুভ উদ্বোধনীৰ মুহূৰ্তত উচৰ্গা কৰি আশ্ৰমৰ পুথিভঁৰালত দিয়ে৷ আশ্ৰমৰ মুকলি অনুষ্ঠানত দিছপুৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যপিকা ড° ৰীতা শৰ্মা, কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পৈনুৰুদ্দিন আহমদ, বিশিষ্ট সাংবাদিক দীপক শৰ্মা, গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ অভিযন্তা আক্কাছ আলী আহমেদ, সমাজসেৱক আব্দুল কাদিৰ,পাৰিষদ মাছুমা আহমেদ, আনিমা বিশ্বাসৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়৷