বেয়া পৰিবেশ,পৰিস্থিতিত পৰি পথ ভ্ৰমিত হোৱা মানুহ – চন্দ্ৰ শেখৰ পৰাজুলী

বেয়া পৰিবেশ,পৰিস্থিতিত পৰি পথ ভ্ৰমিত হোৱা মানুহ
আচলতে আমি সাধাৰণতে এবাৰ বেয়া দিশত গতি কৰা কিছুমান মানুহক সেই মানুহৰ অতীত আৰু বৰ্তমানৰ পৰিস্থিতি সমূহ বিতংকৈ নিৰীক্ষণ নকৰাকৈ আমি গোটেই জীৱন ধৰি সেই ব্যক্তিগৰাকীৰ প্ৰতি ভাল মনোভাৱ বা ভাল ব্যৱহাৰ কৰিবলৈ সংকোচ কৰো নহয়নে?। আৰু এইটো আচলতে প্ৰতিজন মানুহৰে এক স্বাভাৱিক মানসিকতা । কিন্তু অতীততে কৰা বা হৈ যোৱা বেয়া কাৰোকাৰ্যৰ বাবে বৰ্তমানে একেবাৰে নিজকে সলনি কৰি দিয়া মানুহ জনৰ প্ৰতি গোটেই জীৱন ধৰি বেয়া মনোভাৱ পোষণ কৰি থকাটো কিমান যুক্তিপূৰ্ণ কথা ?। চাওঁক কিছুমান মানুহ ইচ্ছাকৃতভাৱে বেয়া দিশলৈ অগ্ৰসৰ নহয়। আমাৰ সমাজত বৰ্তমান সময়তো বেয়া পৰিবেশ,পৰিস্থিতিত পৰি পথ ভ্ৰমিত হোৱা মানুহ সংখ্যা বহুত। হয়তো তেওঁলোকে সময়ৰ সোঁতত বেয়া দিশবোৰৰ পৰা নিজকে আঁতৰাই আনিবলৈ সক্ষম হৈছে ?। কেতিয়াবা আমি বা আপুনি এনেবোৰ দিশ উপলব্ধি কৰিবলৈ সক্ষম নহ’বও পাৰে। গতিকে বেয়া পৰিস্থিতি, বেয়া পৰিবেশৰ জৰিয়তে পথ ভ্ৰমিত হোৱা প্ৰায়বোৰ মানুহে যদি ভাল পৰিবেশ,ভাল মানুহৰ সংস্পৰ্শত আহে তেন্তে লাহে লাহে তেওঁলোকে নিজকে ভাল দিশলৈ লৈ আনিবলৈ সক্ষম হয় । কিন্তু আমাৰ সমাজতে এনে কিছুমান অঘাইতং ,ধূৰ্ত্ত ব্যক্তিও উপলব্ধ আছে যে, তেওঁলোকে স্ব-ইচ্ছায়ে বেয়া দিশলৈ গতি কৰে আৰু যেতিয়া তেওঁলোকক সকলোৱে ভালদৰে চিনাক্ত কৰি লয় । সেই তেতিয়া তেওঁলোকে সময় সুবিধা বুজি ভদ্ৰতাৰ মুখা পিন্ধি সাধাৰণ জনতাক মূৰ্খ বনাই। কিন্তু কিছু সময় বাগৰি যোৱাৰ পিছত তেওঁলোকে নিজৰ আচল চৰিত্ৰত আহি পৰে। সেয়েহে এনে মুখা পিন্ধি মানুহৰ পৰা যথেষ্ট সাবধানে থকা ভাল। গতিকে আমি এবাৰ, দুবাৰ পথ ভ্ৰমিত মানুহবোৰক ক্ষমা কৰি দিয়াটো অতি বাঞ্চনীয়। কাৰণ বেয়া দিশলৈ গতি কৰা মানুহক যদি তেওঁ ভুল শুধৰাবলৈ সুবিধা নিদিয়াকৈ কেৱল তাক অবহেলিত কৰি থকা হয় তেন্তে সেই ব্যক্তিগৰাকীৰ হয়তো এসময় গৈ সমাজ এখনৰ প্ৰতি ডাঙৰ সংকটৰ কাৰণ হ’ব পাৰে।আমাৰ সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা আদিকবি বাল্মীকি দেবৰ জীৱন বিতান্ত প্ৰায় সকলোৱে পঢ়িবলৈ বা মুখে মুখে শুনিবলৈ পাইছে নহয়নে?। তেখেত এসময়ত এজন দস্যু আৰু ব্যাধ, তেওঁ হাবিৰ মাজত জীৱ জন্তু নিধন কৰি আৰু বাটৰুৱাক লুট-পাট কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্তু এদিন তেওঁ নাৰদক লগ পায় আৰু নাৰদে তেওঁক কেইটিমান প্ৰশ্নৰে জীৱনৰ সঠিক পথ নিদৰ্শন কৰে। নাৰদৰ কথা মতে তেওঁ বহু বছৰ ধৰি কঠোৰ ধ্যান কৰে আৰু সাধনাত সিদ্ধিলাভ কৰাৰ পাছত নাৰদে তেওঁক ব্ৰাহ্মণত্ব প্ৰদান কৰি বাল্মীকিলৈ পৰিবৰ্তন কৰে। গতিকে আদিকবি বাল্মীকি দেবৰ জীৱন আদৰ্শৰ পৰা এই কথায়ে উপলদ্ধি কৰি ব পাৰি যে, কেতিয়াবা পৰিবেশ, পৰিস্থিতিৰ ফলত বেয়া দিশলৈ গতি কৰা মানুহবোৰক যদি সৎ সংগী,সৎ পথ দেখুৱাই দিয়া হয় তেন্তে এজন দস্যু ৰূপী মানৱো শেষত গৈ ভগৱান ৰূপে পুজিত হ’য়গৈ। কিন্তু স্ব ইচ্ছাৰে বেয়া দিশলৈ আগুৱাই যোৱা ব্যক্তিসকলক পৃথিৱীৰ কোনো বস্তুয়ে সৎ মাৰ্গৰ আনিব নোৱাৰে। যেতিয়ালৈকে তেওঁ নিজকে‌‌ নিজে পৰিবৰ্তন কৰিবলৈ নিবিচাৰে। সেয়েহে বেয়া পৰিবেশ,পৰিস্থিতিত পৰি পথ ভ্ৰমিত হোৱা মানুহবোৰক সৎ পথ প্ৰদৰ্শনৰ আমি সকলোৰে সমান দায়িত্ব আছে।
                   চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি