বৃদ্ধা আশ্ৰম – এম এন দত্ত

Pc-Aurum Senior and Assisted Living

অণুগল্প

বৃদ্ধা আশ্ৰম

এম এন দত্ত

অখিলে ভনীয়েকক সুধিলে-” ৰূপা তই ক’চোন এই যে বৃদ্ধা আশ্ৰমবোৰ তাৰ ওপৰত তোৰ ধাৰণা কি”? ৰূপায়ে অখিলৰ মুখলৈ চাই ক’লে-” কি কম, বৃদ্ধা আশ্ৰমবোৰ নথকা হ’লে কিমান বোৰ মাক দেউতাকে যে যন্ত্ৰণা কাতৰ মুহূৰ্তক পাৰ কৰাই মৃত্যুক সাৱটি ল’ব লগা হ’লহেঁতেন। কিমান দিন কিমান ৰাতি ভুকে লঘোনে পাৰ কৰাব লগা হ’লহেঁতেন ।
ভনীয়েৰ কথা শুনি অখিলে ভনীয়কৰ মুখলৈ অলপ সময থৰ লাগি চাই থাকিল। তাৰপিছত এখোজ দুখোজকৈ ৰুমলৈ আহি অখিলে তাৰ ডায়েৰীত লিখিলে-” অত্যাচাৰী পুতেক বোৱাৰীযেকৰ ঘৰখনৰ তুলনাত বৃদ্ধা আশ্ৰম এখন স্বৰ্গভূমি “।