বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈ দুটিকৈ শিশুৰ সলিল সমাধি
ৰঙিলী বাৰ্ত্তাসেৱা- মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত লামাগাঁৱত বুঢ়ীদিহিং নদীত দুটিকৈ শিশুৰ সলিল সমাধি। মাকুম বাগান বিদ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল শিশু দুটি। মাকুম বাগান ৬ নম্বৰ লাইনৰ বাসিন্দা শিশু দুটিৰ নাম দুৰূপ তাঁতিৰ পুত্ৰ ডিৰাছ তাঁতি (৮) আৰু গপি দুৰ্গাৰ পুত্ৰ অৰ্জুন চামাচি (৮)। শিশু দুটিয়ে বিদ্যালয়ৰ পৰা আহি বুঢ়ীদিহিং নদীলৈ বুলি গা ধুবলৈ বুলি গৈছিল আৰু তেতিয়াই দ’ পানীত সোমাই কৰুণ মৃত্যুক আকোৱালি লয় । ইফালে পৰিয়ালৰ লোকে বহু সময় ধৰি ঘৰলৈ নহাত বিচাৰ খোঁচাৰ কৰি মৃত অৱস্থাত পানীত ওপঙি থকা দেখা পাই মাৰ্ঘেৰিটা থানাত খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ শিশু দুটিক নিশা উদ্ধাৰ কৰি থানালৈ লৈ আহে।মাৰ্ঘেৰিটা আৰক্ষীয়ে শুকুৰবাৰে কণমানি শিশু দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।এই কৰুণ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।